শীঘ্ৰেই পৃথিৱীলৈ আহিব শুভাংশু শুক্লা
এক্সিয়াম স্পেছে ঘোষণা কৰিছে যে তেওঁৰ #Ax4 মিছনৰ দলটো অহা ১৪ জুলাই তাৰিখে ভাৰতীয় সময় অনুসৰি বিয়লি প্ৰায় ৪:৩৫ বজাত ISSৰ পৰা পৃথক হ’ব।
এই অভিযানত জড়িত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাও পৃথিৱীলৈ উভতি আহিব, যিটো ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।
#Ax4 মিছন হৈছে এটা ব্যক্তিগত মহাকাশ অভিযান, যিটো এক্সিয়াম স্পেচ আৰু স্পেচএক্সৰ সহযোগত আৰম্ভ কৰা হৈছিল।এই অভিযানটো ২০২৫ চনৰ ২৫ জুনত স্পেচএক্সৰ ড্ৰেগন কেপচুলৰ সহায়ত আৰম্ভ হৈছিল।
এই দলটোত চাৰিজন মহাকাশচাৰী, কমাণ্ডাৰ পেগি হুইটছন (আমেৰিকা), পাইলট শুভাঞ্চু শুক্লা (ভাৰত) আৰু মিছন বিশেষজ্ঞ স্লাভোজ উজনানস্কি-বিষ্নিয়েভস্কি (পোলেণ্ড) আৰু টিবৰ কাপু (হাংগেৰী) আছে।
এই অভিযান কেৱল বৈজ্ঞানিক পৰীক্ষাৰ বাবেই নহয়, ই ভাৰত, হাংগেৰী আৰু পোলেণ্ডৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাত প্ৰথমটো মহাকাশ অভিযান।
ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন তথা মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা প্ৰথম মহাকাশচাৰী শুভাংশু , এই অভিযানত পাইলটৰ ভূমিকা পালন কৰি আছে।তেওঁ ১৯৮৪ চনত ৰাকেশ শৰ্মাৰ পিছত ভাৰতৰ পৰা মহাকাশলৈ যোৱা দ্বিতীয়জন ব্যক্তি।
লগতে পঢ়ক: মহাকাশত শুভাংশু শুক্লাই কৰিলে মগু আৰু মেথিৰ খেতি…