শীঘ্ৰেই আৰম্ভ হ’ব শুভাংশু শুক্লাৰ আনডকিং প্ৰক্ৰিয়া
এক্সিয়াম-৪ অভিযানৰ অধীনত মহাকাশ ভ্ৰমণলৈ যোৱা ক্ৰুসকলৰ উভতি অহাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত ১৮ দিন কটোৱাৰ পিছত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু তেওঁৰ আন তিনিজন সহযোগী মহাকাশচাৰী পৃথিৱীলৈ উভতি আহিবলৈ ওলাইছে।
এক্সিয়াম স্পেছে এক বিবৃতিত কয় যে আই এছ এছৰ পৰা আনডক কৰাৰ সময় পুৱা ৬:০৫ বজাৰ আগতে (বিয়লি ৪:৩৫ বজাত আই এছ টি) নিৰ্ধাৰণ কৰা হোৱা নাই।
বিবৃতিটোত কোৱা হৈছে যে, ‘প্ৰায় ২২.৫ ঘণ্টাৰ যাত্ৰাৰ অন্তত কেন্দ্ৰীয় সময় অনুসৰি পুৱা ৪:৩১ বজাত (মঙলবাৰে ভাৰতীয় সময় অনুসৰি ৩:০১ বজাত) ক্ৰুৱে কেলিফৰ্ণিয়াৰ উপকূলত অৱতৰণ কৰাৰ সম্ভাৱনা আছে।’
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা অহা শুভংছু শুক্লাৰ পিতৃ শম্ভু দয়াল শুক্লাই পুত্ৰৰ নিৰাপদে পৃথিৱীলৈ ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা কৰে।
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ড্ৰেগন মহাকাশযানৰ পৃথকীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বয়ংক্ৰিয় হ’ব। ডকিং কৰাৰ পিছত ড্ৰেগন ইঞ্জিনসমূহে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা নিৰাপদে নিজকে আঁতৰাই পৃথিৱীলৈ পুনৰ প্ৰৱেশ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় শক্তি উৎপাদনৰ বাবে কেইবাটাও পদ্ধতিৰ মাজেৰে পাৰ হ’ব।
পৃথিৱীলৈ ঘূৰি আহিবলৈ কিমান সময় লাগিব
পৃথিৱীলৈ ঘূৰি অহাৰ সময়ত মহাকাশযানখনে প্ৰায় ১৬০০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাৰ সন্মুখীন হ’ব। পেৰাচুটে দুটা পৰ্যায়ত কাম কৰিব।
প্ৰথম পৰ্যায়ত ষ্টেবিলাইজেচন পেৰাচুটে প্ৰায় ৫.৭ কিলোমিটাৰ উচ্চতাত কাম কৰিব আৰু তাৰ পিছত দ্বিতীয় পৰ্যায়ত মূল পেৰাচুটে প্ৰায় দুই কিলোমিটাৰ উচ্চতাত কাম কৰিব।
মহাকাশযানখন আনডক কৰাৰ প্ৰায় ২২.৫ ঘণ্টাৰ পিছত কেলিফৰ্ণিয়াৰ উপকূলত অৱতৰণ কৰাৰ সম্ভাৱনা আছে আৰু মহাকাশ কেপচুলখন বিশেষ জাহাজে ঘূৰাই অনা হ’ব।
“পৃথিৱীত সোনকালে লগ পাম”
দেওবাৰে এক্সপেডিচন ৭৩ মহাকাশচাৰীসকলে এক্সিয়াম-৪ মিছনৰ ক্ৰুৰ বাবে পৰম্পৰাগত বিদায় অনুষ্ঠান অনুষ্ঠিত কৰে, য’ত শুভাংশু শুক্লা, কমাণ্ডাৰ পেগী হুইটছন আৰু মিছন বিশেষজ্ঞ পোলেণ্ডৰ স্লাভ’জ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপুকে ধৰি এক পৰম্পৰাগত বিদায়ী অনুষ্ঠান অনুষ্ঠিত কৰে।
চাৰি দশকৰো অধিক সময়ৰ অন্তত ভাৰত, পোলেণ্ড আৰু হাংগেৰী মহাকাশলৈ ঘূৰি অহাৰ চিন স্বৰূপ এক্সিয়াম-৪ অভিযান। দেওবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত বিদায়ী অনুষ্ঠানত শুভাংশু শুক্লাই কয় যে পৃথিৱীত অতি সোনকালে লগ পাম।
লগতে পঢ়ক: মহাকাশত শুভাংশ শুক্লাৰ বিদায় অনুষ্ঠান; আনডকৰ পূৰ্বে ক’লে ‘ভাৰত সকলোতকৈ শ্ৰেষ্ঠ’