১০ জুনত উৰা মাৰিব শুভাংশু শুক্লা
ভাৰতীয় মহাকাশচাৰী গোটৰ কেপ্তেইন শুভাংশু শুক্লাই অতি সোনকালে ইতিহাস ৰচনা কৰিবলৈ ওলাইছে। তেওঁ ১১ জুনত নিশা ১২:৩০ বজাত (ইডিটি) আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হ’ব।
এই মিছনটো AX-4 ৰ অংশ হয়, যিটো ভাৰত আৰু আমেৰিকাৰ মহাকাশ সহযোগিতাৰ ফল।
মিছনৰ আৰম্ভণি আৰু পৰিৱৰ্তন
শুভাংশু শুক্লাৰ অভিযান পূৰ্বে ৮ জুনত আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু বেয়া বতৰ আৰু মহাকাশযানখনৰ চূড়ান্ত প্ৰস্তুতিৰ বাবে ইয়াক ১০ জুনলৈ পিছুৱাই দিয়া হয়।
নাছা আৰু স্পেচএক্সৰ দলটোৱে কয় যে বতৰৰ পূৰ্বাভাস আৰু ফেলকন ৯ ৰকেট আৰু ড্ৰেগন মহাকাশযানৰ পৰিবহণ প্ৰক্ৰিয়াৰ কথা মনত ৰাখি এই কাম কৰা হৈছে।
এতিয়া ১০ জুনত মহাকাশলৈ উৰা মাৰিব ভাৰতীয় মহাকাশচাৰী শুভংশু শুক্ল। মহাকাশযানখনে ISSৰ সৈতে ১১ জুনত নিশা ১২:৩০ বজাত সংযোগ স্থাপন কৰিব।
সমগ্ৰ পৰিকল্পনা সন্দৰ্ভত শুভাংশ শুক্লা ই কয়, যেতিয়া মই মহাকাশলৈ যাম তেতিয়া মই কেৱল মহাকাশৰ সামগ্ৰী-সঁজুলিয়ে নহয়, বৰঞ্চ এক বিলিয়ন ভাৰতীয়ৰ অন্তৰৰ আশা আৰু সপোনকো কঢ়িয়াই লৈ যাত্ৰা কৰিম।
মিছনৰ গুৰুত্ব
এক্স-৪ মিছন হ’ব স্পেচএক্সৰ ৫৩ সংখ্যক ড্ৰেগন মিছন।এয়া হ’ব ১৫ সংখ্যক মানৱ মহাকাশ অভিযান আৰু ৪৮ সংখ্যক ISS ভ্ৰমণ।শুভাংশ শুক্লা ভাৰত গগণযান কাৰ্যক্ৰমৰ চাৰিজন মহাকাশচাৰীৰ ভিতৰত এজন।
এক্স-৪ মিছনত পাইলট শুভাংশু শুক্লাৰ উপৰিও দলটোত আছে পোলেণ্ডৰ স্লাভোছ উজনানস্কি-উইছনিউস্কি,হাংগেৰীৰ টিবৰ কাপু আৰু আমেৰিকাৰ মহাকাশচাৰী পেগি হুইটছন।
ভাৰতৰ বিনিয়োগ আৰু প্ৰস্তুতি
এই অভিযানত ভাৰতে এতিয়ালৈকে কমেও ৫৪৮ কোটি টকা ব্যয় কৰিছে।ইয়াৰ ভিতৰত উন্মোচনৰ লগতে শুভাংশ শুক্লা আৰু তেওঁৰ বেকআপ গ্ৰুপৰ অধিনায়ক প্ৰশান্ত নাইৰৰ প্ৰশিক্ষণো আছে।
প্ৰশান্ত নায়াৰো গগণয়ান কাৰ্যসূচীৰ অংশ।শুভাংশুক স্পেচএক্স আৰু এক্সিয়াম স্পেচৰ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিছে।
মহাকাশত পৰীক্ষা
ISS ত উপস্থিত হোৱাৰ পিছত শুভাংশুৱে ৭টা পৰীক্ষা কৰিব,যিবোৰ ভাৰতীয় শিক্ষানুষ্ঠানে বনাইছে।ইয়াৰে অধিকাংশই জৈৱিক পৰীক্ষা হ’ব, যেনে উদ্ভিদৰ বীজ আৰু মানুহৰ শৰীৰত মাইক্ৰ’গ্ৰেভিটিৰ প্ৰভাৱ।
ইয়াৰ উপৰিও তেওঁ নাছাৰ সৈতে আৰু ৫টা পৰীক্ষা কৰিব, যিবোৰ মানৱ গৱেষণাৰ সৈতে জড়িত।ইছৰোৰ প্ৰকল্প সঞ্চালক সুদীশ বালানে কয় যে এই পৰীক্ষাসমূহ ভাৰতীয় বিজ্ঞানীসকলে প্ৰস্তাৱ কৰিছে।নাছাৰ সহযোগত ৫টা মানৱ গৱেষণা পৰীক্ষাও কৰা হ’ব।
লগতে পঢ়ক: মুম্বাইত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; চলন্ত ৰে’লৰ পৰা পৰিল ১০ যাত্ৰী, ৫ জনৰ মৃত্যু