বিপদত শিল্পা শ্বেট্টী-ৰাজ কুন্দ্ৰা
বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ আকৌ এবাৰ বিপদ বাঢ়িছে।মুম্বাইৰ এজন ব্যৱসায়ীক প্ৰতাৰণা কৰাৰ অভিযোগত দম্পতীহালৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।
শিল্পা শ্বেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৬০ কোটি টকাৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে। অভিনেত্ৰী শিল্পা শ্বেট্টী, ব্যৱসায়ী স্বামী ৰাজ কুন্দ্ৰা আৰু আন এজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।
মুম্বাইৰ এজন ব্যৱসায়ীক ৬০ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে দম্পতীহালৰ বিৰুদ্ধে।
ইকনমিক অফেন্স উইঙে দম্পতীহালৰ বিৰুদ্ধে জুহু থানাত গোচৰ ৰুজু কৰে। যিহেতু এই প্ৰৱঞ্চনাত ১০ কোটিৰো অধিক টকা জড়িত আছিল, সেয়েহে আৰক্ষীয়ে গোচৰটো অৰ্থনৈতিক অপৰাধ শাখালৈ হস্তান্তৰ কৰে।
৬০ বছৰীয়া দীপক কোথাৰীয়ে শিল্পা আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰ ৰুজু কৰিছে।দীপক কোথাৰী লোটাছ কেপিটেল ফাইনেন্সিয়েল চাৰ্ভিচেছৰ সঞ্চালক।
দীপক কোথাৰীয়ে দাখিল কৰা গোচৰ অনুসৰি ৰাজেশ আৰ্য্যই শিল্পা আৰু ৰাজ কুন্দ্ৰৰ সৈতে তেওঁৰ সাক্ষাৎকাৰৰ ব্যৱস্থা কৰিছিল।ৰাজ আৰু শিল্পা বেষ্ট ডিল টিভি প্ৰাইভেট লিমিটেডৰ পৰিচালক আছিল।
এইটো ঘৰুৱা বজাৰ আৰু অনলাইন খুচুৰা বিক্ৰীৰ মঞ্চ আছিল।দাখিল কৰা প্ৰতিবেদন অনুসৰি অভিযুক্ত শিল্পা আৰু ৰাজে ৭৫ কোটি টকাৰ ঋণ লৈছিল, যাৰ ওপৰত তেওঁলোকে ১২ শতাংশ সুত দিবলগীয়া হৈছিল।
এই সুতৰ পৰা হাত সাৰিবলৈ দম্পতীহালে ঋণৰ পৰিৱৰ্তে কোম্পানীটোত বিনিয়োগ হিচাপে দেখুৱাইছিল। অভিযোগকাৰীৰ মতে, দম্পতীহালে প্ৰতিমাহে এই ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া নকৰিলে।
এফআইআৰৰ মতে, এই লেনদেনৰ সাক্ষী শিল্পা শ্বেট্টী আছিল যদিও ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ কোম্পানীটোৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰিছিল।
লগতে পঢ়ক: যান-বাহনৰ নিয়ম ভংগ কৰি বিপদত অক্ষয় কুমাৰ; আৰক্ষীয়ে জব্দ কৰিলে বিলাসী বাহন