শশী থাৰুৰৰ ধমক
পাকিস্তানৰ সন্ত্ৰাসবাদী এজেণ্ডা উদঙাই দিবলৈ ভাৰতীয় নেতাসকলে বিশ্বৰ বহু দেশ ভ্ৰমণ কৰি আছে।এই সন্দৰ্ভত আমেৰিকাত উপস্থিত হোৱা সৰ্বদলীয় প্ৰতিনিধি দলৰ নেতা কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে দেওবাৰে কয় যে দেশৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণক সমৰ্থন কৰাৰ বাবে পাকিস্তানে বৃহৎ মূল্য দিব লাগিব, কিয়নো ইছলামবাদে সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰকাশ কৰা নাই।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময়ৰ সময়ত শশী থাৰুৰে কয় যে পাকিস্তান এখন সংশোধনবাদী দেশ যিয়ে ভাৰতৰ ভূখণ্ড দখল কৰিবলৈ সন্ত্ৰাসবাদ ব্যৱহাৰ কৰিছে।
২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ লক্ষ্য আছিল জম্মু-কাশ্মীৰৰ স্বাভাৱিক অৱস্থা ভেঙুচালি কৰাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়া কাৰণ সন্ত্ৰাসবাদীয়ে কেৱল হিন্দুক লক্ষ্য কৰি লৈছিল।
‘পাকিস্তানে এতিয়া গধুৰ মূল্য দিব লাগিব’
কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে এতিয়া পাকিস্তানত বহি থকা কোনেও ভাৰতত আমাৰ নাগৰিকক আক্ৰমণ কৰিব নোৱাৰে।যদি তেওঁলোকে এই কাম কৰে তেন্তে ইয়াৰ বাবে তেওঁলোকে যথেষ্ট মূল্য দিব লাগিব।
থাৰুৰে কয় যে ভাৰতে ২০১৬ চনত উৰি আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ এল অ’ চিত আক্ৰমণ চলাইছিল।২০১৯ চনত পুলৱামা আক্ৰমণৰ পিছত ভাৰতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী শিবিৰত বিমান আক্ৰমণ চলায়।
থাৰুৰে কয় যে এইবাৰ ভাৰতে কেৱল LoC নহয়, আন্তঃৰাষ্ট্ৰীয় সীমান্তও পাৰ হৈ নিজৰ ঘৰতে পাকিস্তানক আক্ৰমণ কৰিছে।সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক শক্তিশালী বাৰ্তা দিবলৈহে এই কাম কৰা হৈছে। তেওঁ কয় যে আমি একেবাৰে স্পষ্ট যে পাকিস্তানৰ সৈতে যুদ্ধৰ প্ৰতি আমি আগ্ৰহী নহয়।
লগতে পঢ়ক: ‘যি আমেৰিকাই সহিছিল সেয়া আমিও সহিছো’… নিউয়ৰ্কৰ ৯/১১ স্মৃতিসৌধৰ বাহিৰত সন্ত্ৰাসবাদৰ ওপৰত ক’লে শশী থাৰুৰে