মেট গালা ২০২৫ক লৈ ভাৰতীয়সকলৰ মাজত এক উত্তেজনা সৃষ্টি হৈছিল আৰু ইয়াৰ কাৰণ আছিল বলীউডৰ কিং শ্বাহৰুখ খান। সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছিল শ্বাহৰুখ খানৰ মেট গালাত অভিষেক ঘটোৱাৰ ওপৰত।
এতিয়া সকলো অপেক্ষা অন্ত পেলাই অৱশেষত মেট গালা ২০২৫ত অভিষেক ঘটালে শ্বাহৰুখ খানে।বলীউডত তেওঁৰ ছবিৰ দৰেই মেট গালাটো শ্বাহৰুখৰ অভিষেকৰ ছবিও আছিল ব্লকবাষ্টাৰ।
ইফালে, শ্বাহৰুখ খানৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত তেওঁ নিজকে বিশ্বৰ আগত চিনাকি দিয়া দেখা গৈছে।
দৰাচলতে, আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ইভেণ্টত শ্বাহৰুখ খানে প্ৰৱেশ কৰাৰ লগে লগে বিদেশৰ সংবাদ মাধ্যমক প্ৰশ্ন কৰিছিল যে তেওঁ কোন? তাৰ পিছতে শ্বাহৰুখ খানে নিজৰ পৰিচয় দিয়ে।
ইয়াৰ পিছত কিং খানক তেওঁৰ লুকৰ বিষয়ে সোধা হয়, য’ত শ্বাহৰুখে কয় যে তেওঁৰ লুকটো সব্যাসচী মুখাৰ্জীয়ে ডিজাইন কৰিছে।
মেট গালা ২০২৫ত অভিষেক ঘটোৱাৰ পিছত শ্বাহৰুখে সাক্ষাৎকাৰ দিছিল আৰু ইতিহাস সৃষ্টি কৰাৰ পিছত তেওঁৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সোধা হৈছিল।
শ্বাহৰুখ খানে কৈছিল যে, ‘ইতিহাসৰ কথা নাজানো, কিন্তু মই অত্যন্ত নাৰ্ভাছ আৰু উত্তেজিত।’ সব্যাসচিয়ে হে মোক ইয়ালৈ আহিবলৈ অনুৰোধ কৰিছিল। মই বহুত ৰেড কাৰ্পেটত উপস্থিত হোৱা নাই গতিকে অলপ লাজ লাগে, কিন্তু ইয়ালৈ অহাটো অদ্ভুত’।