পুটিনৰ সৈতে হাঁহি হাঁহি আগবাঢ়িল প্ৰধানমন্ত্ৰী মোদী
চীনত চলি থকা চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ সময়ত সোমবাৰে দেখা গ’ল এক আকৰ্ষণীয় দৃশ্য । যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু অন্যান্য সদস্য দেশৰ মুৰব্বীসকলে একেলগে মঞ্চত গ্ৰুপ ফটোৰ বাবে থিয় হৈছিল, তেতিয়া সমগ্ৰ বিশ্বৰ চকু এই ছবিখনৰ ওপৰত নিবদ্ধ হৈ পৰিছিল । ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত এক আকৰ্ষণীয় কেমিষ্ট্ৰি দেখা গ’ল ।
ভিডিঅ’টোত স্পষ্টকৈ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনৰ মাজত থকা পুৰণি আন্তৰিকতা আকৌ এবাৰ দেখা গ’ল । দুয়োজন নেতাই হাঁহি হাঁহি ইজনে সিজনক সম্ভাষণ জনাই একেলগে আগবাঢ়ি যায় । এই সময়ছোৱাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক ওচৰতে থিয় হৈ থকা দেখা গৈছিল যদিও তেওঁক কোনেও বিশেষ গুৰুত্ব দিয়া নাছিল । আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বাহবাজ শ্বৰীফলৈ ঘূৰিও নাচালে ।
এইবাৰ চাংহাই সহযোগিতা সংগঠনৰ শীৰ্ষ সন্মিলনত আঞ্চলিক নিৰাপত্তা, অৰ্থনৈতিক সহযোগিতা, সন্ত্ৰাসবাদ আৰু বাণিজ্যৰ ওপৰত বৃহৎ আলোচনা চলি আছে । ভাৰতে এই মঞ্চৰ জৰিয়তে মধ্য এছিয়া আৰু চুবুৰীয়া দেশসমূহৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ কৌশল ৰচনা কৰি আছে । ভিডিঅ’টোত দেখা যায় যে প্ৰধানমন্ত্ৰী মোদী আৰু পুটিনে হাঁহি হাঁহি মঞ্চত আগবাঢ়ি গৈছে, আনহাতে এই সময়ত শ্বাহবাজ শ্বৰীফৰ উপস্থিতি একেবাৰে গুৰুত্বহীন হৈ থাকে । বহু বিশেষজ্ঞই ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ বৰ্তমানৰ দূৰত্বৰ সৈতেও ইয়াক সম্পৰ্কিত কৰিছে ।