কেতিয়া প্ৰকাশ পাব SBI PO prelims পৰীক্ষাৰ ফলাফল?
শীঘ্ৰেই ভাৰতীয় ষ্টেট বেংকে( SBI) ঘোষণা কৰিব প্ৰবেচনেৰী অফিচাৰ (পি অ’) প্ৰাৰম্ভিক পৰীক্ষা ২০২৫ৰ ফলাফল।সমগ্ৰ দেশৰ লাখ লাখ প্ৰাৰ্থীয়ে নিজৰ ফলাফলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।
অৱশ্যে সঠিক তাৰিখ আৰু সময় এতিয়াও ঘোষণা কৰা হোৱা নাই,কিন্তু এই ফলাফল বেংকৰ অফিচিয়েল ৱেবছাইট sbi.co.in ত প্ৰকাশ পাব।
নিযুক্তি অধিসূচনা অনুসৰি ২০২৫, চনৰ আগষ্ট বা ছেপ্টেম্বৰ মাহত এই ফলাফল প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে, যাৰ লগতে স্ক’ৰকাৰ্ডো মুকলি কৰা হ’ব।
প্ৰাৰ্থীসকলে নিজৰ পঞ্জীয়ন বা ৰোল নম্বৰ আৰু জন্ম তাৰিখ বা পাছৱৰ্ড লৈ লগ ইন কৰি নিজৰ নম্বৰ পৰীক্ষা কৰিব পাৰিব।
এই প্ৰাৰম্ভিক পৰীক্ষা ২০২৫ চনৰ ৪ আগষ্টত অনুষ্ঠিত হৈছিল। এইটো SBI ৰ তিনিটা স্তৰৰ বাছনি প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়,যাৰ অধীনত ৫৪১টা খালী পদ পূৰণ কৰিব লাগিব।এই নিযুক্তিক বেংকিং খণ্ডৰ অন্যতম সন্মানীয় নিযুক্তি পৰীক্ষা হিচাপে গণ্য কৰা হয়।
প্ৰাথমিক পৰীক্ষাত যোগ্যতা অৰ্জন কৰি নিৰ্ধাৰিত কাট অফ নম্বৰৰ সমান বা তাতকৈ অধিক নম্বৰ লাভ কৰা প্ৰাৰ্থীসকলে পৰৱৰ্তী পৰ্যায় অৰ্থাৎ মূল পৰীক্ষাৰ বাবে যোগ্য হ’ব।
মন কৰিবলগীয়া যে বিভিন্ন শ্বিফটত অনুষ্ঠিত হোৱা পৰীক্ষাসমূহৰ মাজত একাকাৰীতা নিশ্চিত কৰিবলৈ স্বাভাৱিককৰণৰ পিছত ফলাফল ঘোষণা কৰা হ’ব।
SBI এ স্পষ্ট কৰি দিছে যে শীঘ্ৰে ফলাফল উপলব্ধ হ’ব, আনহাতে প্ৰাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ মাপকাঠী হিচাপে পৰিগণিত হোৱা কাট অফ মাৰ্ক কেইদিনমানৰ পিছত মুকলি কৰা হ’ব।
কেৱল সেইসকল পৰীক্ষাৰ্থীয়েহে মূল পৰীক্ষাৰ বাবে যোগ্য হ’ব যিসকলে কাট অফ নম্বৰৰ সমান বা তাতকৈ অধিক নম্বৰ লাভ কৰিব।
লগতে পঢ়ক: কেৱল নম্বৰৰ পিছত নহয়… জীৱনত আগবাঢ়ি যাবলৈ এই পাঁচটা দক্ষতা প্ৰয়োজনীয়