ভাৰতীয় ষ্টেট বেংকে বন্ধ কৰিব এই বিশেষ সেৱা; কি প্ৰভাৱ পৰিব ?

ভাৰতীয় ষ্টেট বেংকে বন্ধ কৰিব এই সেৱা

ভাৰতীয় ষ্টেট বেংক তথা এছ বি আইয়ে ঘোষণা কৰিছে যে ২০২৫ চনৰ ৩০ নৱেম্বৰৰ পিছত OnlineSBI আৰু YONO Lite ত mCash প্ৰেৰণ আৰু দাবী কৰাৰ সুবিধা বন্ধ কৰি দিব । অৰ্থাৎ গ্ৰাহকে পঞ্জীয়ন অবিহনে ধন প্ৰেৰণ কৰিবলৈ বা mCash লিংক বা এপৰ জৰিয়তে ধন দাবী কৰিবলৈ আৰু mCash ব্যৱহাৰ কৰিব নোৱাৰিব ।

এছ বি আইয়ে নিজৰ অফিচিয়েল ৱেবছাইটত পোষ্টযোগে গ্ৰাহকসকলক তৃতীয় পক্ষৰ হিতাধিকাৰীলৈ ধন হস্তান্তৰ কৰিবলৈ ইউ পি আই, আই এম পি এছ, এন ই এফ টি আৰু আৰ টি জি এছৰ দৰে অন্যান্য নিৰাপদ আৰু বহুলভাৱে ব্যৱহৃত ডিজিটেল পেমেণ্ট বিকল্প ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে ।

ভাৰতীয় ষ্টেট বেংকৰ ৱেবছাইট অনুসৰি, ২০২৫ চনৰ ৩০ নৱেম্বৰৰ পিছত OnlineSBI আৰু YONO Lite ত mCash (send and claim) বৈশিষ্ট্য উপলব্ধ নহ’ব । তৃতীয় পক্ষৰ হিতাধিকাৰীয়ে ধন হস্তান্তৰ কৰিবলৈ বিকল্প লেনদেন চেনেল যেনে UPI, IMPS, NEFT, RTGS আদি ব্যৱহাৰ কৰিব লাগিব ।

mCash কেনেকৈ ব্যৱহাৰ কৰে গ্ৰাহকে ?

গুগল প্লে ষ্ট’ৰৰ পৰা SBI mCash এপ ডাউনলোড কৰাৰ পিছত লগ ইন কৰিবলৈ আপোনাৰ MPIN পঞ্জীয়ন কৰক । গ্ৰাহকে এতিয়া MPIN ব্যৱহাৰ কৰি SBI mCash এপত লগ ইন কৰিব পাৰিব । ষ্টেট বেংকৰ গ্ৰাহকে পাছকোড ব্যৱহাৰ কৰি mCash ব্যৱহাৰ কৰি দাবীৰ ধন স্থানান্তৰ কৰিব পাৰে । এই ধনৰাশি যিকোনো বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব পাৰি ।

mCash এ কেনেকৈ কাম কৰে ?

ষ্টেট বেংক অৱ ইণ্ডিয়া mCash ৰ জৰিয়তে গ্ৰাহকে OnlineSBI বা ষ্টেট বেংক এনিৱেৰৰ জৰিয়তে এছ বি আইৰ গ্ৰাহকে প্ৰেৰণ কৰা ধন দাবী কৰিব পাৰে । এই সেৱাৰ জৰিয়তে ইণ্টাৰনেট বেংকিং থকা যিকোনো এছ বি আই গ্ৰাহকে কেৱল গ্ৰাহকৰ মোবাইল নম্বৰ বা ই-মেইল আইডি ব্যৱহাৰ কৰি ধন স্থানান্তৰ কৰিব পাৰিব, কাকো হিতাধিকাৰী হিচাপে পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই ।

ৰিচিভাৰৰ হৈ যিকোনো বেংকত একাউণ্ট থকা যিকোনো ব্যক্তিয়ে ভাৰতীয় ষ্টেট বেংকৰ mCASH মোবাইল এপ বা OnlineSBI ত দিয়া mCASH লিংকৰ জৰিয়তে ধন দাবী কৰিব পাৰিব । প্ৰেৰকৰ মোডৰ ওপৰত নিৰ্ভৰ কৰি হিতাধিকাৰীয়ে নিৰাপদ লিংক আৰু ৮ সংখ্যাৰ পাছকোড থকা এছএমএছ বা ইমেইল লাভ কৰিব ।

লগতে পঢ়ক : এপলৰ পৰা বিদায় ল’ব নেকি টিম কুকে?কোম্পানীয়ে বিচাৰিছে নতুন CEO

কেতিয়া প্ৰকাশ পাব SBI PO prelims পৰীক্ষাৰ ফলাফল?

কেতিয়া প্ৰকাশ পাব SBI PO prelims পৰীক্ষাৰ ফলাফল?

শীঘ্ৰেই ভাৰতীয় ষ্টেট বেংকে( SBI) ঘোষণা কৰিব প্ৰবেচনেৰী অফিচাৰ (পি অ’) প্ৰাৰম্ভিক পৰীক্ষা ২০২৫ৰ ফলাফল।সমগ্ৰ দেশৰ লাখ লাখ প্ৰাৰ্থীয়ে নিজৰ ফলাফলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

অৱশ্যে সঠিক তাৰিখ আৰু সময় এতিয়াও ঘোষণা কৰা হোৱা নাই,কিন্তু এই ফলাফল বেংকৰ অফিচিয়েল ৱেবছাইট sbi.co.in ত প্ৰকাশ পাব।

নিযুক্তি অধিসূচনা অনুসৰি ২০২৫, চনৰ আগষ্ট বা ছেপ্টেম্বৰ মাহত এই ফলাফল প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে, যাৰ লগতে স্ক’ৰকাৰ্ডো মুকলি কৰা হ’ব।

প্ৰাৰ্থীসকলে নিজৰ পঞ্জীয়ন বা ৰোল নম্বৰ আৰু জন্ম তাৰিখ বা পাছৱৰ্ড লৈ লগ ইন কৰি নিজৰ নম্বৰ পৰীক্ষা কৰিব পাৰিব।

এই প্ৰাৰম্ভিক পৰীক্ষা ২০২৫ চনৰ ৪ আগষ্টত অনুষ্ঠিত হৈছিল। এইটো SBI ৰ তিনিটা স্তৰৰ বাছনি প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়,যাৰ অধীনত ৫৪১টা খালী পদ পূৰণ কৰিব লাগিব।এই নিযুক্তিক বেংকিং খণ্ডৰ অন্যতম সন্মানীয় নিযুক্তি পৰীক্ষা হিচাপে গণ্য কৰা হয়।

প্ৰাথমিক পৰীক্ষাত যোগ্যতা অৰ্জন কৰি নিৰ্ধাৰিত কাট অফ নম্বৰৰ সমান বা তাতকৈ অধিক নম্বৰ লাভ কৰা প্ৰাৰ্থীসকলে পৰৱৰ্তী পৰ্যায় অৰ্থাৎ মূল পৰীক্ষাৰ বাবে যোগ্য হ’ব।

মন কৰিবলগীয়া যে বিভিন্ন শ্বিফটত অনুষ্ঠিত হোৱা পৰীক্ষাসমূহৰ মাজত একাকাৰীতা নিশ্চিত কৰিবলৈ স্বাভাৱিককৰণৰ পিছত ফলাফল ঘোষণা কৰা হ’ব।

SBI এ স্পষ্ট কৰি দিছে যে শীঘ্ৰে ফলাফল উপলব্ধ হ’ব, আনহাতে প্ৰাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ মাপকাঠী হিচাপে পৰিগণিত হোৱা কাট অফ মাৰ্ক কেইদিনমানৰ পিছত মুকলি কৰা হ’ব।

কেৱল সেইসকল পৰীক্ষাৰ্থীয়েহে মূল পৰীক্ষাৰ বাবে যোগ্য হ’ব যিসকলে কাট অফ নম্বৰৰ সমান বা তাতকৈ অধিক নম্বৰ লাভ কৰিব।

লগতে পঢ়ক: কেৱল নম্বৰৰ পিছত নহয়… জীৱনত আগবাঢ়ি যাবলৈ এই পাঁচটা দক্ষতা প্ৰয়োজনীয়