পাকিস্তান আৰু চৌদি আৰবৰ মাজত সম্পন্ন প্ৰতিৰক্ষা চুক্তি
পাকিস্তান আৰু চৌদি আৰবে বুধবাৰে এক বিশেষ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই প্ৰতিৰক্ষা চুক্তিৰ অধীনত যিকোনো এখন দেশৰ ওপৰত আক্ৰমণক দুয়োখন দেশৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হ’ব । পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ ৰিয়াদ ভ্ৰমণৰ সময়ত আল-য়ামামা প্ৰাসাদত স্বাক্ষৰিত হোৱা কৌশলগত পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তিত তেওঁক ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী মহম্মদ বিন ছালমানে আদৰণি জনায় ।
ডন কাকতে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে চুক্তিখনত স্পষ্টভাৱে উল্লেখ আছে যে যিকোনো এখন দেশৰ ওপৰত আক্ৰমণক দুয়োখন দেশৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হ’ব । স্বাক্ষৰৰ পিছত প্ৰকাশ কৰা এক যৌথ বিবৃতিত কোৱা হৈছে যে, “প্ৰায় আঠ দশকৰ অংশীদাৰিত্ব, ভাতৃত্ববোধ, ইছলামিক সংহতি আৰু ভাগ-বতৰা কৰা কৌশলগত স্বাৰ্থৰ ওপৰত নিৰ্মাণ কৰি দুয়োপক্ষই কৌশলগত পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰে ।”
এই চুক্তিয়ে প্ৰমাণ কৰে যে পাকিস্তান আৰু চৌদি আৰবে এতিয়া নিজৰ নিৰাপত্তা সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ মনস্থ কৰিছে । দুয়োখন দেশে একেলগে কাম কৰি আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইখনে সিখনক সহায় কৰিব । এই চুক্তিৰ আন এটা উদ্দেশ্য হৈছে অঞ্চলটোৰ লগতে বিশ্বৰ শান্তি আৰু স্থিতিশীলতা বজাই ৰখা ।
ইয়াৰ উপৰিও এই চুক্তিয়ে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতাক আৰু অধিক আগুৱাই নিব, অৰ্থাৎ তেওঁলোকে একেলগে কাম কৰি নতুন অস্ত্ৰ, প্ৰযুক্তি আৰু নিৰাপত্তা পৰিকল্পনা প্ৰস্তুত কৰিব । ইয়াৰ দ্বাৰা দুয়োখন দেশৰ শক্তি আৰু নিৰাপত্তা আৰু অধিক শক্তিশালী হ’ব । আটাইতকৈ ডাঙৰ কথাটো হ’ল, এখন দেশৰ ওপৰত আক্ৰমণ আৰু কেৱল সেইখন দেশৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা নহ’ব, দুয়োখন দেশৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হ’ব । অৰ্থাৎ দুয়োখন দেশেই একেলগে শত্ৰুৰ মুখামুখি হ’ব ।
চৌদি আৰৱত এই চুক্তিত স্বাক্ষৰ কৰে দুয়োখন দেশে । চৌদি আৰৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্বৰীফক আদৰণি জনায় ৰিয়াদৰ উপ-ৰাজ্যপাল মহম্মদ বিন আব্দুল ৰহমান বিন আব্দুলআজিজে । তেওঁৰ সৈতে বৈদেশিক মন্ত্ৰী ইছাক দাৰ, প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফ, বিত্তমন্ত্ৰী মহম্মদ ঔৰংজেব, তথ্য মন্ত্ৰী আট্টাউল্লাহ তৰদাৰ, পৰিৱেশ মন্ত্ৰী মুছাদিক মালিক, আৰু বিশেষ সহায়ক তাৰিক ফাতেমী উপস্থিত থাকে ।
লগতে পঢ়ক : মেলোনি, পুটিন আৰু নেতানিয়াহু… বিদেশৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা