ছলমান খানৰ বিৰুদ্ধে পৰিচালকৰ বিস্ফোৰক মন্তব্য
১৫ বছৰীয়া ছুপাৰহিট ছবি ‘দবাংগ’ৰ পৰিচালক অভিনৱ কাশ্যপে ছলমান খানক পুনৰ আক্ৰমণ চলাইছে।এক সাক্ষাৎকাৰত তেওঁ কয় যে ‘দবাং’ৰ আগতে ছলমানে নিজৰ ভাবমূর্তি সলনি কৰাৰ প্রয়োজন আছিল৷
সেই সময়ত তেওঁ ‘ৱাণ্টেড’ আৰু ‘তেৰে নাম’ আদি ছবিৰ বাবে পৰিচিত আছিল,যাৰ বাবেই মানুহে তেওঁক ‘খিঙখিঙিয়া’ আৰু ‘উদ্ভণ্ড’ বুলি মানি লৈছিল।অভিনৱে কয় যে ছলমানে ‘দবাংগ’ কৰি সেই ভাবমূর্তিৰ পৰা ওলাই আহিব বিচাৰিছিল৷
অভিনৱ কাশ্যপে জনোৱা মতে, তেওঁ প্ৰথমে আৰবাজ খানৰ সৈতে যোগাযোগ কৰিছিল। আৰবাজে নিজেই ছবিখনৰ নায়ক হ’ব বিচাৰিছিল যদিও পিছত তেওঁ ছবিখন প্ৰযোজনা কৰাৰ সিদ্ধান্ত লয়।
অভিনৱে যেতিয়া গম পালে যে ‘দবাং’ত ছলমান নায়ক হ’ব, তেওঁ ক’লে যে সেই সময়ত (২০০৮ চনৰ আশে-পাশে) ছলমানৰ ভাবমূর্তি আছিল ৰাস্তাৰ ৰোমিঅ’ৰ দৰে৷ মানুহে তেওঁক ‘টাৱেল ডান্স’ আৰু ‘দীৱানে আছিক’ৰ দৰে চৰিত্ৰৰ সৈতে চাবলৈ মন কৰিছিল।
অভিনৱ কাশ্যপে ইয়াতেই ক্ষান্ত নাথাকিল, তেওঁ কেৱল ছলমানৰ ভাবমূর্তিয়েই নহয়, বৰঞ্চ তেওঁৰ পৰিয়ালৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।
তেওঁ ক’লে, ‘মই বিশ্বাস কৰোঁ যে ছলমান আৰু তেওঁৰ পৰিয়ালটো সাধাৰণ মানুহ নহয়।তেওঁ এজন প্ৰমাণিত অপৰাধী।’
‘তেওঁ জামিনত বাহিৰত আছে আৰু এজন অপৰাধী সদায় অপৰাধীয়েই।তেওঁ দাবী কৰে যে তেওঁ ছলমানৰ সৈতে জড়িত বহু গোপন কথাও জানে।’
অভিনৱে লগতে কয় যে ছলমান খানৰ অভিনয়ৰ প্ৰতি কোনো আগ্ৰহ নাই।’যোৱা ২৫ বছৰে ছলমানে কেৱল নামৰ বাবেই অভিনয় কৰি আহিছে।’
‘তেওঁ কেৱল অনুকূলতা দেখুৱাবলৈহে চেটলৈ আহে।তেওঁৰ মনোযোগ অভিনয়ৰ ওপৰত নহয়, চেলিব্ৰিটি শক্তিৰ ওপৰতহে।আচলতে তেওঁ এটা গুণ্ডা।
তেওঁৰ সকলো বক্তব্য ইতিমধ্যে ছ’চিয়েল মিডিয়া ভাইৰেল হৈ পৰিছে,যিটোৱে ছলমানৰ অনুৰাগীক বহুত ক্ষুব্ধ কৰি তুলিছে।
লগতে পঢ়ক: দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন অভিযুক্তক এনকাউন্টাৰ…