ছাইনা নেহৱাল আৰু পৰুপল্লী কাশ্যপৰ বিবাহ বিচ্ছেদ
ভাৰতৰ বেডমিণ্টন তাৰকা ছাইনা নেহৱাল আৰু তেওঁৰ স্বামী পৰুপল্লী কাশ্যপ এতিয়া বিবাহৰ বান্ধোনৰ পৰা বিচ্ছিন্ন হৈছে।
প্ৰাক্তন বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালে দেওবাৰে নিজৰ দীৰ্ঘদিনীয়া সংগী পৰুপল্লী কাশ্যপৰ সৈতে বিচ্ছেদৰ কথা ঘোষণা কৰে। ছাইনাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এক বিবৃতি প্ৰকাশ কৰি এই সন্দৰ্ভত তথ্য প্ৰদান কৰে।
৭ বছৰ পূৰ্বে ছাইনা আৰু পাৰুপল্লীৰ বিবাহ পাশত আৱদ্ধ হৈছিল।দুয়োজনে হায়দৰাবাদৰ পুল্লেলা গোপিচণ্ড বেডমিণ্টন একাডেমীত প্ৰশিক্ষণ লৈ একেলগে খেলত অগ্ৰগতি লাভ কৰে। বহুদিন প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত ২০১৮ চনত দুয়োৰে বিবাহ হয়।

নিজৰ সিদ্ধান্তৰ বিষয়ে তথ্য দি দুবাৰৰ কমনৱেলথ গেমছ চেম্পিয়ন ছাইনা নেহৱালে লিখিছে-“জীৱনে কেতিয়াবা আমাক বিভিন্ন দিশলৈ লৈ যায়।বহু বিবেচনাৰ অন্তত কাশ্যপ পাৰুপল্লী আৰু মই বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লৈছো”।
“আমি নিজৰ আৰু ইজনে সিজনৰ বাবে শান্তি, বৃদ্ধি আৰু বিকল্প পথ বাছি লৈছো।সেই স্মৃতিবোৰৰ বাবে মই কৃতজ্ঞ আৰু ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো।এই সময়ছোৱাত আমাৰ গোপনীয়তাক বুজি পোৱা আৰু সন্মান কৰাৰ বাবে ধন্যবাদ।”
লগতে পঢ়ক:“এনেকুৱা এইকাৰণেই হৈছিল কাৰণ IPL ত…”; গিল বনাম ক্ৰ’লি বিতৰ্কক লৈ সুনীল গাভাস্কাৰৰ ডাঙৰ বক্তব্য