সকলোকে আচৰিত কৰি ছাইনা নেহৱালে ল’লে এই সিদ্ধান্ত… বিস্মিত ক্ৰীড়া জগত

ভাৰতৰ তাৰকা শ্বাটলাৰ ছাইনা নেহৱালে এক কঠোৰ সিদ্ধান্তৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰিছে । তেওঁ লোৱা এই নীৰৱ সিদ্ধান্তই বিস্মিত কৰিছে ক্ৰীড়া জগতক…

নিজৰ জীৱন তথা কেৰিয়াৰক লৈ এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতৰ তাৰকা শ্বাটলাৰ ছাইনা নেহৱালে । তেওঁৰ এই সিদ্ধন্তই আচৰিত কৰি তুলিছে সকলোকে । মাত্ৰ ৩৫ বছৰ বয়সতে বেডমিন্টনৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰিছে ছাইনা নেহৱালে । দীৰ্ঘ সময় ধৰি ভোগি অহা আঘাতৰ গুৰুতৰ সমস্যা আৰু সুস্থ নোহোৱাৰ অৱস্থাই খেলুৱৈগৰাকীক এই সিদ্ধান্ত ল’বলৈ বাধ্য কৰে বুলি উল্লেখ কৰিছে তেওঁ । ছ’চিয়েল মিডিয়াৰ পৰিৱৰ্তে এটা প’ডকাষ্টত ছাইনাই কয় যে আঁঠুৰ গুৰুতৰ আঘাতৰ বাবে এতিয়া উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ সম্ভৱ নহয় ।

ছাইনা নেহৱালৰ এই ঘোষণাই ভাৰতীয় বেডমিণ্টনৰ আখ্যান সলনি কৰা এটা অধ্যায়ৰ অন্ত পেলায় । ২১ বছৰীয়া কেৰিয়াৰত ছাইনাই অলিম্পিকৰ পদক, বিশ্ব চেম্পিয়নশ্বিপৰ প’ডিয়াম, বিশ্বৰ ১ নং ৰেংকিং আৰু ১০টা ছুপাৰ ছিৰিজৰ খিতাপ লাভ কৰিছিল । এই সকলোবোৰ কৃতিত্ব পূৰ্বে ভাৰতীয় খেলুৱৈৰ বাবে বিৰল আছিল ।

কেইবামাহো ধৰি আন্তঃৰাষ্ট্ৰীয় চাৰ্কিটৰ পৰা আঁতৰি থকাৰ পিছত ছাইনা নেহৱালে অৱসৰৰ কথা ঘোষণা কৰিছে । ২০২৩ চনত ছিংগাপুৰ অ’পেন তেওঁৰ শেষ প্ৰতিযোগিতামূলক অংশগ্ৰহণ আছিল । ইয়াৰ পিছত বাৰম্বাৰ আঘাত আৰু অস্ত্ৰোপচাৰৰ পৰামৰ্শই তেওঁৰ পুনৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনাত কাৰ্যতঃ চেঁচা পানী ঢালিছিল ।

ইফালে ছাইনাই এই সিদ্ধান্ত কোনো ডাঙৰ প্লেটফৰ্ম, সংবাদমেল, বা ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ঘোষণা কৰা নাই । এয়া কিংবদন্তিসকলে প্ৰায়ে লাভ কৰা ধৰণৰ নাটকীয় বিদায় নাছিল । বৰঞ্চ ই আছিল এক নীৰৱ সিদ্ধান্ত, যিদৰে ছাইনাই নিজৰ কেৰিয়াৰৰ বেছিভাগ সময়  বক্তব্যৰ জৰিয়তে নহয়, খেলৰ জৰিয়তে নিজকে প্ৰমাণ কৰিছে ।

প’ডকাষ্টত ছাইনা নেহৱালে স্বীকাৰ কৰে যে তেওঁৰ শৰীৰ বেডমিন্টনলৈ ঘূৰি আহিব পৰাকৈ ফিট হয় নে নহয় সেয়া নিৰ্ণয় কৰিবলৈ কেইবামাহো ধৰি চেষ্টা কৰিছিল । কিন্তু আঁঠুৰ গুৰুতৰ অৱস্থা আৰু ধাৰাবাহিক বিষে এই প্ৰচেষ্টা অসম্ভৱ কৰি তুলিছিল । তেওঁ কয়, “মই সদায় আঘাতৰ বিৰুদ্ধে যুঁজি প্ৰত্যাৱৰ্তন কৰি আহিছো, কিন্তু এইবাৰ মোৰ শৰীৰে মোক স্পষ্ট সংকেত দিলে ।”

লগতে পঢ়ক : ‘ভাৰতত বিশ্বকাপ খেলক নহ’লে বাহিৰত থাকক’!; বাংলাদেশক আইচিচিয়ে দিলে চূড়ান্ত সতৰ্কবাণী

ছাইনা নেহৱাল আৰু পৰুপল্লী কাশ্যপৰ বিবাহ বিচ্ছেদ; ৭ বছৰ পূৰ্বে আৱদ্ধ হৈছিল বিবাহ পাশত

ছাইনা নেহৱাল আৰু পৰুপল্লী কাশ্যপৰ বিবাহ বিচ্ছেদ

ভাৰতৰ বেডমিণ্টন তাৰকা ছাইনা নেহৱাল আৰু তেওঁৰ স্বামী পৰুপল্লী কাশ্যপ এতিয়া বিবাহৰ বান্ধোনৰ পৰা বিচ্ছিন্ন হৈছে।

প্ৰাক্তন বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালে দেওবাৰে নিজৰ দীৰ্ঘদিনীয়া সংগী পৰুপল্লী কাশ্যপৰ সৈতে বিচ্ছেদৰ কথা ঘোষণা কৰে। ছাইনাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এক বিবৃতি প্ৰকাশ কৰি এই সন্দৰ্ভত তথ্য প্ৰদান কৰে।

৭ বছৰ পূৰ্বে  ছাইনা আৰু পাৰুপল্লীৰ বিবাহ পাশত আৱদ্ধ হৈছিল।দুয়োজনে হায়দৰাবাদৰ পুল্লেলা গোপিচণ্ড বেডমিণ্টন একাডেমীত প্ৰশিক্ষণ লৈ একেলগে খেলত অগ্ৰগতি লাভ কৰে। বহুদিন প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত ২০১৮ চনত দুয়োৰে বিবাহ হয়।

নিজৰ সিদ্ধান্তৰ বিষয়ে তথ্য দি দুবাৰৰ কমনৱেলথ গেমছ চেম্পিয়ন ছাইনা নেহৱালে লিখিছে-“জীৱনে কেতিয়াবা আমাক বিভিন্ন দিশলৈ লৈ যায়।বহু বিবেচনাৰ অন্তত কাশ্যপ পাৰুপল্লী আৰু মই বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লৈছো”।

“আমি নিজৰ আৰু ইজনে সিজনৰ বাবে শান্তি, বৃদ্ধি আৰু বিকল্প পথ বাছি লৈছো।সেই স্মৃতিবোৰৰ বাবে মই কৃতজ্ঞ আৰু ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো।এই সময়ছোৱাত আমাৰ গোপনীয়তাক বুজি পোৱা আৰু সন্মান কৰাৰ বাবে ধন্যবাদ।”

লগতে পঢ়ক:“এনেকুৱা এইকাৰণেই হৈছিল কাৰণ IPL ত…”; গিল বনাম ক্ৰ’লি বিতৰ্কক লৈ সুনীল গাভাস্কাৰৰ ডাঙৰ বক্তব্য