বাংলাদেশ ক্ৰিকেট বৰ্ডক আইচিচিৰ চূড়ান্ত সতৰ্কবাণী। অংশগ্ৰহণৰ চূড়ান্ত সিদ্ধান্তৰ অন্তিম তাৰিখ ২১ জানুৱাৰী
বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ (ICC)ৰ পৰা এক কঠোৰ সতৰ্কবাণী লাভ কৰিছে।প্ৰতিবেদন অনুসৰি,আইচিচিয়ে বিচিবিক স্পষ্ট কৰি দিছে যে আগন্তুক টি-২০ বিশ্বকাপত বাংলাদেশৰ অংশগ্ৰহণৰ চূড়ান্ত সিদ্ধান্তৰ অন্তিম তাৰিখ ২১ জানুৱাৰী।
শনিবাৰে ঢাকাত আইচিচিৰ প্ৰতিনিধি দলে দ্বিতীয়খন বৈঠকত মিলিত হয়,য’ত বিচিবিয়ে ২০২৬ চনৰ টি-২০ বিশ্বকাপ খেলাৰ ইচ্ছা পুনৰবাৰ প্ৰকাশ কৰে,কিন্তু তেওঁলোকে ভাৰতত খেলিবলৈ অস্বীকাৰ কৰিলে।
বাংলাদেশে নিৰাপত্তাজনিত কাৰণৰ কথা উল্লেখ কৰি বিকল্প স্থানৰ দাবী কৰিছে, আৰু সম্ভাৱ্য বিকল্প হিচাপে সহ-আয়োজক শ্ৰীলংকাক ৰাখিছিল।
অৱশ্যে আইচিচিয়ে নিজৰ মূল সূচীত আবদ্ধ হৈ থাকিল,ইয়াৰ অধীনত গ্ৰুপ চিত অন্তৰ্ভুক্ত বাংলাদেশে নিজৰ মেচ মুম্বাই আৰু কলকাতাত খেলিব লাগিব।
এই অচলাৱস্থা প্ৰায় তিনি সপ্তাহ ধৰি চলি আছে। ইয়াৰ আৰম্ভণি তেতিয়া কৰা হৈছিল যেতিয়া বিচিচিআইয়ে কলকাতা নাইট ৰাইডাৰ্ছক মুস্তাফিজুৰ ৰহমানক তেওঁলোকৰ দলৰ পৰা বাহিৰ কৰিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ পিছতে বিচিবিয়ে আইচিচিলৈ পত্ৰ লিখি ভাৰতত বিশ্বকাপৰ খেল খেলিবলৈ আগ্ৰহী নহয় বুলি জনাইছিলে আৰু যদি তেওঁলোকৰ দাবী পূৰণ নহয় তেন্তে তেওঁলোকে প্ৰতিযোগিতাখনৰ পৰাও আঁতৰি যাব পাৰে।
লগতে পঢ়ক: ইন্দোৰত বিৰাট কোহলীৰ নতুন ইতিহাস; ODI ত সৰ্বাধিক শতক অৰ্জন









