চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ
ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ বৰ্তমান চীন ভ্ৰমণত আছে।জয়শংকৰৰ এই ভ্ৰমণে ভাৰত আৰু চীনৰ সম্পৰ্কত ব্যাপক উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে।
ইফালে জয়শংকৰে প্ৰথমে বেইজিঙত তেওঁৰ সমকক্ষ ৱাং য়িক সাক্ষাৎ কৰাৰ পিছত এতিয়া চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰিছে।
এই বৈঠকৰ বিষয়ে বিদেশ মন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত তথ্য দি কয় যে তেওঁ ছি জিনপিঙলৈ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰপতি ছি জিনপিঙকো দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।
জয়শংকৰে এই সময়ছোৱাত এই কথাখিনিক গুৰুত্ব দিছিল যে ভাৰত আৰু চীনৰ সম্পৰ্কক দিশ দিয়াৰ ক্ষেত্ৰত দুয়োখন দেশৰ শীৰ্ষ নেতৃত্বৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ।
সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে এছ চি অ’ৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনত উপস্থিত হয় বৈদেশিক মন্ত্ৰীগৰাকী।
ইয়াৰ পূৰ্বে সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে চীনৰ সমকক্ষ ৱাং য়িৰ সৈতে বৈঠকত মিলিত হয়।বৈঠকৰ সময়ত জয়শংকৰে কৈছিল যে যোৱা ৯ মাহত দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক কৰাৰ দিশত ভাল অগ্ৰগতি লাভ কৰা হৈছে।
লগতে পঢ়ক: ‘ভাৰত আৰু চীনৰ মাজত সহযোগিতা প্ৰয়োজনীয়’; চীনৰ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ এছ জয়শংকৰৰ