ৰাছিয়া-ইউক্ৰেইনৰ শান্তি আলোচনা
তুৰ্কীৰ ৰাজধানী ইস্তানবুলত ২০২২ চনৰ পিছত ৰাছিয়া-ইউক্ৰেইনৰ দ্বিতীয় ৰাউণ্ডৰ শান্তি আলোচনাৰ মাত্ৰ মাত্ৰ এঘণ্টাৰ ভিতৰতে অন্ত পৰে । দুঘণ্টা পলমকৈ আৰম্ভ হৈছিল আলোচনা । অৱশ্যে কিয় পলম হ’ল সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই ।
এই বৈঠকত ইউক্ৰেইনে পুনৰবাৰ ৩০ দিনৰ ভিতৰত যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছিল, যিটো ৰাছিয়াই নাকচ কৰে । ইউক্ৰেইনে পুনৰবাৰ ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ দীঘলীয়া কৰাৰ অভিযোগ উত্থাপন কৰে ।
ৰাছিয়া-ইউক্ৰেইনৰ শান্তি আলোচনা-
ইস্তানবুল শান্তি আলোচনাত ৰাছিয়াৰ প্ৰতিনিধি দলৰ মুৰব্বীয়ে কয় যে মস্কোৱে ইউক্ৰেইনৰ সৈতে ফ্ৰণ্ট লাইনৰ কিছুমান অঞ্চলত ২-৩ দিনৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে । কিন্তু এই বৈঠকত যুদ্ধবন্দী বিনিময় সন্দৰ্ভত পুনৰবাৰ এক চুক্তিত উপনীত হৈছে দুয়োখন দেশ ।
দৰাচলতে এই আলোচনাৰ মাত্ৰ এদিন পূৰ্বে ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত বৰ্তমানলৈকে কৰা আটাইতকৈ ভয়াৱহ আক্ৰমণ চলাই । দেওবাৰে ৰাছিয়াৰ বিমান ঘাটিসমূহক লক্ষ্য কৰি স্থলভাগত থকা ৪১খন ৰাছিয়াৰ বোমাৰু বিমান ধ্বংস কৰা হয় বুলি দাবী কৰে ইউক্ৰেইনে । এই আক্ৰমণৰ বাবে ৰাছিয়া যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হয় ।
আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে ৰাছিয়াৰ সামৰিক ব্লগাৰ আৰু কৌশল বিশ্লেষকসকলে ইউক্ৰেইনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল । তেওঁলোকে কয় যে ইউক্ৰেইনে ৰাছিয়াৰ সামৰিক সামৰ্থ্যক প্ৰত্যাহ্বান জনাইছে আৰু এতিয়া ইয়াৰ প্ৰতি সঁহাৰি জনোৱাটো প্ৰয়োজনীয় ।
ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে, দুয়োখন দেশে বন্দী বিনিময়ৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে, যাৰ সবিশেষ অতি সোনকালে প্ৰকাশ পাব । জানিব পৰা মতে ৰাছিয়াই নিহত ইউক্ৰেইনৰ ৬ হাজাৰ সৈনিকৰ মৃতদেহো ঘূৰাই দিব । ৰাছিয়াৰ প্ৰতিনিধি দলৰ মুৰব্বী ভ্লাদিমিৰ মেডিনস্কিয়ে কয় যে কেইবাটাও অঞ্চলত দুটা বা তিনিটা ফ্ৰণ্টলাইনত কেইদিনমানৰ বাবে যুদ্ধবিৰতি থাকিব লাগে যাতে যুদ্ধবন্দীৰ মৃতদেহ গতাই দিব পৰা যায় ।
ইস্তানবুলত ৰাছিয়াৰ প্ৰতিনিধি দলৰ সৈতে আলোচনাৰ অন্তত ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী উমাৰভে কয় যে ইউক্ৰেইন আৰু ৰাছিয়াই সকলো গুৰুতৰভাৱে অসুস্থ যুদ্ধবন্দীৰ লগতে ২৫ বছৰৰ তলৰ যুদ্ধবন্দীৰ বিনিময় কৰিবলৈ সন্মত হৈছে ।
বৈঠকৰ পিছত ইউক্ৰেইনে কয় যে ৰাছিয়াই বৈঠক আৰম্ভ হোৱাৰ পিছতহে স্মাৰকপত্ৰ দাখিল কৰিছিল, সেয়েহে ইয়াৰ ওপৰত অধ্যয়ন কৰা হ’ব আৰু তাৰ পিছত ইউক্ৰেইনে ইয়াৰ ওপৰত নিজৰ স্থিতি লৈ আগবাঢ়ি আহিব ।
পৰৱৰ্তী ৰাউণ্ডৰ আলোচনাৰ বিষয়ে সোধাত ইউক্ৰেইনে কয় যে ৰাছিয়াই উপস্থাপন কৰা চৰ্তসমূহ অধ্যয়ন কৰি এই সিদ্ধান্ত লোৱা হ’ব । ইউক্ৰেইনেও বিচাৰে যে দুয়োখন দেশৰ নেতাৰ মাজত প্ৰত্যক্ষ আলোচনা হ’ব লাগে, কাৰণ যুদ্ধবিৰতিৰ চূড়ান্ত সিদ্ধান্ত দুয়োখন দেশেই ল’ব লাগিব । বৈঠকৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে যুদ্ধবন্দীৰ তালিকা প্ৰস্তুত কৰা হৈছে, যিখন অতি সোনকালে বিনিময় কৰা হ’ব ।
উল্লেখ্য যে প্ৰত্যক্ষ আলোচনাৰ প্ৰস্তাৱ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ পৰা আহিছিল । জেলেনস্কিয়ে এই প্ৰস্তাৱত সন্মতি দিছিল আৰু তেওঁ দাবী কৰিছিল যে তেওঁ পুটিনৰ সৈতে পোনপটীয়াকৈ কথা পাতিব বিচাৰে । কিন্তু প্ৰথম ৰাউণ্ডৰ আলোচনাৰ বাবে পুটিন ইস্তানবুললৈ নাহিল যদিও জেলেনস্কি উপস্থিত হয় । এই সমগ্ৰ ব্যৱস্থাত দুয়োখন দেশৰ প্ৰতিনিধি দলৰ মাজত আলোচনা আৰম্ভ হৈছে, যাৰ এইটো আছিল দ্বিতীয় ৰাউণ্ড । ১৬ মে’ত প্ৰথমখন বৈঠক অনুষ্ঠিত হয় ।
উল্লেখ্য যে, শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । দেওবাৰে ইউক্ৰেইনে পাৰ্ল হাৰ্বাৰ আৰ্হিত ৰাছিয়াৰ ওপৰত আক্ৰমণ চলাই যাৰ বাবে আগন্তুক দিনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধই আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।
লগতে পঢ়ক : পাৰ্ল হাৰ্বাৰ আক্ৰমণ… ইউক্ৰেইনে পুনৰাবৃত্তি কৰিলে ইতিহাসৰ এক অন্ধকাৰ অধ্যায় !