ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে মঙলবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীৰ বাসভৱন ৭ নং লোক লক্ষ্য মাৰ্গত সাক্ষাৎ কৰে । শেহতীয়াকৈ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতে দিয়া সঁহাৰিৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়াসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে এই বৈঠক অনুষ্ঠিত হয় । সংবাদ সংস্থা পি টি আইৰ মতে, এই বৈঠক পহলগাম আক্ৰমণৰ সন্দৰ্ভত আছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে ।
যোৱা সপ্তাহত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে প্ৰধানমন্ত্ৰী আৰু আৰ এছ এছৰ মুৰব্বীৰ মাজত এই বৈঠক অনুষ্ঠিত হৈছে । বিগত ২২ এপ্ৰিলত পাহালগামৰ বৈছাৰণত পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ ভাতৃ সংগঠনৰ পাঁচৰ পৰা ৬টা সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱাত ২৬ জন লোকৰ মৃত্যু হয় ।
যোৱা সপ্তাহৰ আৰম্ভণিতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দি ভাগৱতে কেন্দ্ৰীয় চৰকাৰক পহলগাম হত্যাকাণ্ডৰ বাবে দায়ীসকলক কঠোৰ প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনাইছিল । আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কৈছিল, “আমি তীব্ৰ প্ৰতিক্ৰিয়া আশা কৰিছো । মানুহক ধৰ্মৰ বিষয়ে সোধাৰ পিছত হত্যা কৰা হৈছিল । হিন্দুসকলে কেতিয়াও এই কাম নকৰে । আমাৰ হৃদয়ত যন্ত্ৰণা আছে । আমি খঙত আছো ।”
ভাগৱতে কৈছিল যে নিজৰ জনসাধাৰণক ৰক্ষা কৰাটো ৰজাৰ কৰ্তব্য । তেওঁ কয়, “আমি কেতিয়াও ওচৰ-চুবুৰীয়াক অপমান বা ক্ষতি নকৰো । কিন্তু কোনোবাই যদি বেয়া কাম কৰিবলৈ আৰম্ভ কৰে তেন্তে আনটো বিকল্প কি ? ৰজাৰ কৰ্তব্য হ’ল জনসাধাৰণক ৰক্ষা কৰা । ৰজাই নিজৰ কৰ্তব্য পালন কৰিব লাগে । গুণ্ডাক পাঠ শিকোৱাটোও কৰ্তব্যৰ এটা অংশ ।”