পুনৰ জয়ৰ পথত নামিছে মুম্বাই ইণ্ডিয়ানছৰ গাড়ী।আই পি এল ২০২৫ৰ প্ৰথম ৫ খন মেচত মাত্ৰ এখনত জয়লাভ কৰা মুম্বাইয়ে একেৰাহে ৫ খন মেচত জয়লাভ কৰি পইণ্ট টেবুলৰ শীৰ্ষ ৪ ৰ ভিতৰত স্থান লাভ কৰে।
আজি দলটো মুখামুখি হ’ব ৰাজস্থান ৰয়েলছৰ।এই খেলখন আজি (১ মে’) ৰাজস্থানৰ ঘৰুৱা খেলপথাৰ, জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে।
ফৰ্মলৈ ঘূৰি অহা ৰোহিত শৰ্মাই এই মেচত এক অনন্য ট্ৰিপল শতক সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে।তেওঁৰ হাতত আজি অভিলেখ গঢ়াৰ সুযোগ আছে।
দৰাচলতে, আই পি এলত ছয়ৰ ট্ৰিপল চেঞ্চুৰী সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে ৰোহিত শৰ্মাই।আই পি এলত ৩০০টা ছয় সম্পূৰ্ণ কৰিবলৈ ৰোহিতক আৰু মাত্ৰ ৩টা ছয়ৰ প্ৰয়োজন।
ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে আজিৰ খেলখনত তিনিটা ছয় মাৰিলে তেওঁ আই পি এলত ৩০০ ছয় সম্পূৰ্ণ কৰিব পাৰিব।
আজি যদি তেওঁ ৩টা ছয় কোৱাই তেন্তে তেওঁ আই পি এলত ছয়ৰ ট্ৰিপল চেঞ্চুৰী কৰা প্ৰথমজন ভাৰতীয় আৰু লীগৰ ইতিহাসত একমাত্ৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হ’ব।
এতিয়ালৈকে বিশ্বৰ এজন বেটছমেনেহে আই পি এলত ৩০০ ছয়ৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।তেওঁ হৈছে ক্ৰীছ গেইল। এই লীগত গেইলে ১৪২খন মেচ খেলিছিল, য’ত তেওঁ ৩৫৭টা ছয় কৰিছিল।
আই পি এলত সৰ্বাধিক ছয় কৰা বেটছমেন হৈছে ক্ৰীছ গেইল।আজি ৰোহিত শৰ্মাৰ এই লীগত ৩০০ ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হোৱাৰ সুযোগ আছে।আই পি এলত ছয়ৰ ক্ষেত্ৰত ক্ৰীছ গেইলৰ পিছতে দ্বিতীয় স্থানত আছে ৰোহিত শৰ্মা।