ভাৰতীয় দলৰ তাৰকা বেটছমেন তথা হিটমেন নামেৰে পৰিচিত ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে । ইয়াৰ পূৰ্বে তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ফৰ্মেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছিল । এতিয়া তেওঁ কেৱল আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত খেলি থাকিব । কেৱল ক্ৰিকেট খেলপথাৰতে নহয়, উপাৰ্জনৰ ক্ষেত্ৰতো তেওঁ শীৰ্ষত আছে আৰু ধনী খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত হৈছে । খবৰ অনুসৰি ৰোহিত শৰ্মা নেটৱৰ্থ তথা মুঠ সম্পত্তিৰ মূল্য প্ৰায় ২৫০ কোটি টকা ।
২১৪ কোটি টকাৰ সম্পত্তিৰ মালিক হিটমেন!
ৰোহিত শৰ্মা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এ+ গ্ৰেড খেলুৱৈ আৰু এই চুক্তিৰ অধীনত তেওঁ ৭ কোটি টকাৰ বাৰ্ষিক দৰমহা লাভ কৰে । মেচ ফিৰ কথা ক’বলৈ গ’লে টেষ্ট মেচৰ বাবে ১৫ লাখ, এদিনীয়া মেচত ৬ লাখ আৰু টি-২০ মেচত ৩ লাখ টকা লাভ কৰে তেওঁ । ক্ৰিকেটৰ পৰা পোৱা উপাৰ্জনেই ৰোহিত শৰ্মাৰ নেট ৱৰ্থৰ এক প্ৰধান অংশ । তেওঁৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ২১৪ কোটি টকা । আই পি এলৰ ফৰ্মেটৰ পৰাও ৰোহিত শৰ্মাই বহু উপাৰ্জন কৰে ।
যদি কেৱল ক্ৰিকেটৰ পৰা ৰোহিত শৰ্মাৰ আয়ৰ কথা কোৱা হয়, তেন্তে তেওঁ বছৰি প্ৰায় ২৩ কোটি টকা উপাৰ্জন কৰে আৰু তেওঁৰ মাহিলী আয় প্ৰায় ২ কোটি টকা ।
ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ জৰিয়তেও উপাৰ্জন কৰে ধন-
কেৱল ক্ৰিকেটৰ জৰিয়তেই নহয়, হিটমান ৰোহিত শৰ্মাৰ নেট ৱৰ্থত অন্যান্য উৎসৰ পৰা পোৱা আয়ো অন্তৰ্ভুক্ত আচে । তেওঁ প্ৰতি বছৰে ১ৰ পৰা ২ কোটি টকা উপাৰ্জন কৰে কেৱল বৃহৎ কোম্পানীৰ বিজ্ঞাপনৰ জৰিয়তে । ৰোহিত শৰ্মা বহু আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেছাদৰ । CEAT আৰু Rasna ৰ উপৰিও Oral-B, Swiggy, Ixigo, Max Life Insurance, New Era, Aristocrat আৰু IIFLৰ দৰে কোম্পানী অন্তৰ্ভুক্ত আছে ।
৩০ কোটিৰ ঘৰ আৰু বিলাসী গাড়ীৰ সংগ্ৰহ-
ৰোহিত শৰ্মাৰ ঘৰ আৰু গাড়ী সংগ্ৰহৰ পৰাও তেওঁৰ বিলাসী জীৱনশৈলীৰ আভাস পোৱা যায় । উল্লেখ্য যে মুম্বাইত ৰোহিত শৰ্মাৰ বিলাসী ঘৰটোৰ দাম প্ৰায় ৩০ কোটি টকা বুলি অনুমান কৰা হয় । তেওঁৰ চি ভিউ এপাৰ্টমেণ্টটো প্ৰায় ৬ হাজাৰ বৰ্গফুটত বিস্তৃত ।
ইয়াৰ বাহিৰেও ৰোহিত শৰ্মা Lamborghini Urus(মূল্য প্ৰায় ৪.১৮ কোটি টকা), Mercedes Benz S Class(মূল্য প্ৰায় ১.৫০ কোটি টকা), Mercedes GLS 400D, BMW M5 আৰু Range Rover HSE LWB আদি দামী গাড়ী অন্তৰ্ভুক্ত আছে ।