ঋষভ পন্তৰ ভাঙিল বুঢ়া আঙুলি
ইংলেণ্ড ভ্ৰমণৰ মাজতে টিম ইণ্ডিয়া এক ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। তাৰকা উইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ সোঁ ভৰিৰ এটা আঙুলি ভাঙি যোৱাটো নিশ্চিত হৈছে।
চিকিৎসকে তেওঁক কমেও ৬ সপ্তাহ জিৰণি ল’বলৈ পৰামৰ্শ দিছে। এনে পৰিস্থিতিত পন্ত উভতি যোৱাক লৈ এতিয়াও চাচপেন্সৰ সৃষ্টি হৈছে।মানচেষ্টাৰ টেষ্টৰ প্ৰথম দিনাই আঘাতপ্ৰাপ্ত হৈছিল।
ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ চতুৰ্থখন খেল মানচেষ্টাৰত অনুষ্ঠিত হৈছে। খেলখনৰ প্ৰথম দিনটোতে ঋষভ পন্তে বেটিং কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হৈ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় টিম ইণ্ডিয়াই।
অৱশ্যে দ্বিতীয় দিনৰ খেল আৰম্ভ হোৱাৰ লগে লগে বিচিচিআইয়ে তেওঁৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট প্ৰকাশ কৰিছে।
দ্বিতীয় দিনৰ খেলখন অল্ড ট্ৰেফৰ্ডত আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ বাবে এটা ভাল খবৰ আহিল যে পন্ত খেলপথাৰত উপস্থিত থাকিব।ড্ৰেছিং ৰুমত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সৈতে কথা পাতি থকা দেখা গৈছিল।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডেও খেলুৱৈ গৰাকীৰ আঘাত সন্দৰ্ভত এক বৃহৎ আপডেট জাৰি কৰিছে।বিচিচিআইয়ে জনাইছে যে পন্তে দলত যোগদান কৰিছে আৰু দলৰ প্ৰয়োজন অনুসৰি তেওঁ বেটিং কৰিব।
BCCI এ পন্তৰ সন্দৰ্ভত দিয়া বিবৃতিত কৈছে যে, তেওঁ বেটিংৰ বাবে উপলব্ধ হ’ব যদিও উইকেটকিপিং নকৰে।ধ্ৰুৱ জুৰেলে উইকেটকীপাৰৰ ভূমিকা পালন কৰিব।
BCCI এ লগতে কয় যে, ‘আঘাতৰ মাজতো দ্বিতীয় দিনা ঋষভ দলত যোগদান কৰিছে আৰু দলৰ প্ৰয়োজন অনুসৰি বেটিং কৰিবলৈ উপলব্ধ হ’ব।’
লগতে পঢ়ক: দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দিব্যা দেশমুখৰ, কেণ্ডিডেটছ টুৰ্ণামেন্টলৈয়ো যোগ্যতা অৰ্জন