মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নিৰাপত্তাত পৰিৱৰ্তন
বৰ্তমান দিল্লীৰ ৰাজনীতিত আলোচনাৰ আটাইতকৈ ডাঙৰ বিষয়টো হৈছে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নিৰাপত্তা আৰু তেওঁৰ ওপৰত হোৱা আক্ৰমণ।
ইফালে কেন্দ্রীয় চৰকাৰে মুখ্যমন্ত্রী গৰাকীক দিয়া জেড কেটেগৰী CRPFৰ নিৰাপত্তা প্রত্যাহাৰ কৰিছে৷ এতিয়া মুখ্যমন্ত্ৰী গৰাকীৰ নিৰাপত্তাৰ দায়িত্ব পুনৰ দিল্লী আৰক্ষীৰ হাতত অৰ্পণ কৰা হৈছে।
মন কৰিবলগীয়া যে ২০ আগষ্টত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰা হৈছিল। এই ঘটনা সংঘটিত হৈছিল চিভিল লাইনত অৱস্থিত কেম্প অফিচত ‘জান সুনৱাই’ কাৰ্যসূচীৰ সময়ত।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই আক্ৰমণক “মুখ্যমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ” বুলি অভিহিত কৰে।আক্ৰমণৰ ঠিক পিছদিনা গৃহ মন্ত্ৰালয়ে CRPF ক জেড কেটেগৰী সুৰক্ষা প্ৰদানৰ নিৰ্দেশ দিছিল।কিন্তু এতিয়া এই নিৰাপত্তা প্ৰত্যাহাৰ কৰি পুনৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তা দিল্লী আৰক্ষীৰ হাতত গতাই দিয়া হৈছে।
ইফালে এই গোচৰত পুনৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে।গুজৰাটৰ ৰাজকোটৰ পৰা এই আক্ৰমণৰ মূল অভিযুক্ত ৰাজেশৰ বন্ধু তাহছিন ছায়েদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত ৰাজেশক সহায় কৰিবলৈ তাহছিনে ধন পঠিয়াইছিল আৰু দুয়োজনেই অহৰহ যোগাযোগত আছিল।
লগতে পঢ়ক: ‘গণতন্ত্ৰৰ ওপৰত বুলডজাৰ চলোৱাৰ দৰে’; মল্লিকাৰ্জুন খাৰ্গেৰ বিস্ফোৰক মন্তব্য