প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ
বুধবাৰে পুৱা চিভিল লাইনত থকা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ কাৰ্যালয়ত আয়োজন কৰা ‘ৰাজহুৱা শুনানি’ কাৰ্যসূচীত এজন লোকে তেওঁক আক্ৰমণ কৰে।
হঠাৎ ঘটা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি ৰাজনৈতিক মহলত সকলো ধৰণৰ অভিযোগ আৰু প্রতিৰোধৰ অভিযোগ উত্থাপন হৈছে৷ইফালে এই আক্ৰমণক লৈ ৰেখা গুপ্তাৰ প্ৰতিক্ৰিয়াও পোহৰলৈ আহিছে।
এই আক্রমণে তেওঁৰ মনোবল ভাঙিব নোৱাৰে বুলি প্রথম বক্তব্যত মুখ্যমন্ত্রী গৰাকীয়ে স্পষ্ট কৰি দিছিল৷এই সন্দৰ্ভত তেওঁ এক্সত এক বিবৃতি প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে, ‘আজি পুৱা ৰাজহুৱা শুনানিৰ সময়ত মোৰ ওপৰত হোৱা আক্ৰমণ কেৱল মোৰ ওপৰত নহয়, বৰং দিল্লীৰ সেৱা আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি আমাৰ সংকল্পৰ ওপৰত এক কাপুৰুষালিৰ প্ৰয়াস’।
‘স্বাভাৱিকতে এই আক্ৰমণৰ পিছত মই শ্বকত পৰিছিলো, কিন্তু এতিয়া মোৰ মনটো ভাল হৈছে।মোৰ সকলো শুভাকাংক্ষীলৈ অনুৰোধ যাতে মোক লগ কৰিবলৈ আমনি নকৰিব।অতি সোনকালে আপোনালোকৰ মাজত কাম কৰি থকা দেখা পাব’।
দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লিখিছে,’এনে আক্ৰমণে মোৰ সাহস আৰু জনসাধাৰণৰ সেৱাৰ সংকল্প কেতিয়াও ভাঙিব নোৱাৰে’।
‘এতিয়া মই আগৰ তুলনাত অধিক শক্তি আৰু সমৰ্পণেৰে আপোনালোকৰ মাজত থাকিম।ৰাজহুৱা শুনানি আৰু ৰাজহুৱা সমস্যাৰ সমাধান পূৰ্বৰ দৰেই গুৰুত্ব আৰু দায়বদ্ধতাৰে চলি থাকিব’।
‘আপোনালোকৰ আস্থা আৰু সমৰ্থন মোৰ সৰ্বোচ্চ শক্তি। আপোনালোকৰ অপৰিসীম মৰম, আশীৰ্বাদ আৰু শুভেচ্ছাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।’
লগতে পঢ়ক: দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ… অভিযুক্তক গ্ৰেপ্তাৰ