খালী পেটত নহৰু খোৱাৰ উপকাৰীতা
নহৰুৱে ব্যঞ্জনৰ সোৱাদত এক অন্য মাত্ৰা দিয়ে। কিন্তু নহৰু স্বাস্থ্যৰ বাবে কিমান উপকাৰি আপুনি জানেনে? নহৰুত কেইবাটাও স্বাস্থ্য উপযোগী গুণ আছে আৰু সেয়েহে এতিয়াও ইয়াক বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা যায়।
পুৱা খালী পেটত নহৰু খোৱাটো শৰীৰৰ বাবে খুবেই ভাল । বিশেষকৈ পেট চাফাৰ বাবে আৰু কিছুমান সৰু সৰু ৰোগৰ বাবে প্ৰায়ে নহৰু খোৱাটো ভাল বুলি কোৱা হয় ।
দৈনিক এফোটা কেঁচা নহৰু খালে ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাভাৱিকতে শক্তিশালী হয় আৰু দামী পৰিপূৰক বা কৃত্ৰিম বুষ্টাৰতকৈ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ভালদৰে সহায় কৰে।চৰ্দি আৰু যকৃতৰ কাৰ্যক্ষমতা হ্ৰাস কৰাত সহায় কৰে ।
পুৱা খালী পেটত নহৰু খালে পাচনতন্ত্ৰত যথেষ্ট উপকাৰ পোৱা যায় । ইয়াৰ ফলত পেটত পোৱা বিপজ্জনক বেক্টেৰিয়াবোৰ নিধন হয় । নহৰুত পোৱা এন্টি-ইনফ্লেমেটৰী গুণে গাঁঠিৰ বিষ কমায় ।
তেজ পৰিষোধক হিচাবে নহৰুৱে কাম কৰে৷ দুফোটা নহৰু আৰু অকণমান নেমুৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আতৰ হয়, শালমন আৰোগ্য হয়, মেদবহুলতা কমোৱাত সহায়ক হয়৷
যিসকল লোকে এচিডিটি, গেছ আৰু হাৰ্টবাৰ্ণৰ সমস্যাত ভুগিছে তেওঁলোকে নহৰু খাব নালাগে । নহৰু খালে তেজ
(এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে।স্বাস্থ্যৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)পাতল হৈ পৰে আৰু শৰীৰৰ বাবে অতি উপকাৰী ।
লগতে পঢ়ক: নিশা ভালকৈ টোপনি নাহে নেকি আপোনাৰ ? জানি লওঁক কাৰণ আৰু প্ৰতিকাৰ