পাকিস্তানৰ বিৰুদ্ধে ৰাজনাথ সিঙৰ গৰ্জন
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্পষ্টকৈ কয় যে পাক অধিকৃত জম্মু-কাশ্মীৰ এদিন আমাৰ হ’বই । পাকিস্তানৰ সৈতে কেৱল সন্ত্ৰাসবাদ আৰু পি অ’ কে বিষয়ত আলোচনা হ’ব । POK ৰ মানুহবোৰ আমাৰ নিজৰ । POK এ এদিন ক’ব যে ই ভাৰতৰ এটা অংশ । সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতে একেবাৰে সহ্য নকৰে । প্ৰতিটো ষড়যন্ত্ৰৰ উপযুক্ত উত্তৰ দিয়া হ’ব । ভাৰতীয় উদ্যোগ সংঘৰ বাৰ্ষিক ব্যৱসায় সন্মিলন-২০২৫ত এই মন্তব্য কৰে ৰাজনাথ সিঙে । তেওঁ কয় যে সমগ্ৰ বিশ্বতে অনিশ্চয়তাৰ পৰিৱেশ বিৰাজ কৰিছে । সকলোতে সংঘাত । ইয়াৰ মূল কাৰণ হৈছে বিশ্বাসৰ অভাৱ ।
ৰাজনাথ সিঙৰ গৰ্জন-
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, ‘অপাৰেচন সিন্দুৰত সমগ্ৰ দেশে মেক ইন ইণ্ডিয়া অভিযানৰ সফলতা দেখিছে, বুজি পাইছে আৰু অনুভৱ কৰিছে । আজি প্ৰমাণিত হৈছে যে ভাৰতৰ নিৰাপত্তা আৰু সমৃদ্ধি দুয়োটাৰে বাবে মেক ইন ইণ্ডিয়া গুৰুত্বপূৰ্ণ । মেক ইন ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এক অপৰিহাৰ্য উপাদান । যদি আমাৰ এই সামৰ্থ্য নাথাকিলহেঁতেন তেন্তে ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ পৰা PoK লৈকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ইমান ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলেহেঁতেন…’
ৰাজনাথ সিঙে কয়, ‘সন্ত্ৰাসবাদৰ ব্যৱসায় চলোৱাটো ব্যয়বহুল নহয় । আজি পাকিস্তানে উপলব্ধি কৰিছে যে ইয়াৰ বাবে যথেষ্ট মূল্য দিব লাগিব । আমি ভাৰতৰ কৌশল আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দুয়োটাকে নতুন ৰূপ দিছো । আমি পাকিস্তানৰ সৈতে আমাৰ সম্পৰ্ক আৰু আলোচনাৰ পৰিসৰ পুনৰ সংজ্ঞায়িত কৰিছো ।‘
তেওঁ পুনৰ কয় যে, এতিয়া যেতিয়াই আলোচনা হ’ব তেতিয়াই কেৱল সন্ত্ৰাসবাদ আৰু পি অ’ কেৰ ওপৰতহে হ’ব । মই বিশ্বাস কৰোঁ যে পাক অধিকৃত কাশ্মীৰ (POK)ৰ জনসাধাৰণ আমাৰ নিজৰ, আমাৰ পৰিয়ালৰ অংশ । ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ সংকল্পৰ প্ৰতি আমি দায়বদ্ধ । আমাৰ সম্পূৰ্ণ বিশ্বাস যে আজি ভৌগোলিক আৰু ৰাজনৈতিকভাৱে আমাৰ পৰা বিচ্ছিন্ন হৈ থকা আমাৰ ভাইসকলো কোনোবাদিনা ভাৰতৰ মূলসুঁতিলৈ ঘূৰি আহিব ।
লগতে পঢ়ক : এইবাৰ সকলো কেমেৰাত, যাতে কোনেও প্ৰমাণ নিবিচাৰে… গুজৰাটত অপাৰেচন সিন্দুৰ সন্দৰ্ভত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে