শিৱসেনা
মহাৰাষ্ট্ৰৰ ৰাজনীতিত অব্যাহত আছে জল্পনা-কল্পনাৰ পৰ্যায় । মহাৰাষ্ট্ৰৰ পৌৰসভা নিৰ্বাচনৰ পূৰ্বে উদ্ধৱ থাকৰেৰ শিৱসেনা (ইউ বি টি) আৰু ৰাজ থাকৰেৰ এম এন এছৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে ।
এতিয়া এই সকলোবোৰ জল্পনা-কল্পনাৰ সন্দৰ্ভত MNSৰ এটা বিবৃতি ওলাইছে । এম এন এছৰ জ্যেষ্ঠ নেতা সন্দীপ দেশপাণ্ডে কয় যে তেওঁলোকৰ পক্ষৰ পৰা কোনো সুনিৰ্দিষ্ট প্ৰস্তাৱ আহিলেহে উদ্ধৱৰ দলৰ সৈতে মিত্ৰতাৰ কথা বিবেচনা কৰিব এম এন এছৰ মুৰব্বীয়ে ।
আমি কেৱল বিশ্বাসঘাতকতাহে পাইছো- MNS
মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ নেতা সন্দীপ দেশপাণ্ডে উদ্ধৱ থাকৰেৰ গোটৰ সৈতে মিত্ৰতা সন্দৰ্ভত সাংবাদিকৰ আগত এক সুনিৰ্দিষ্ট প্ৰস্তাৱৰ দাবী জনায় ।
তেওঁ ক’লে যে আমি আগতেও মিত্ৰতাৰ প্ৰস্তাৱ পঠিয়াইছিলো, কিন্তু আমি কেৱল বিশ্বাসঘাতকতাহে পাইছিলোঁ।দেশপাণ্ডে কয় যে যদি তেওঁলোকে বিচাৰে যে আমি একত্ৰিত হওঁ তেন্তে তেওঁলোকে ৰাজ থাকৰেলৈ অনাস্থা প্ৰস্তাৱ প্ৰেৰণ কৰক । এই সন্দৰ্ভত সঠিক সিদ্ধান্ত ল’ব থাকৰেই ।
ৰাজ থাকৰেই দিছিল ডাঙৰ ইংগিত
শেহতীয়াকৈ ৰাজ থাকৰেই এক সাক্ষাৎকাৰৰ সময়ত শিৱসেনাৰ সৈতে মিত্ৰতাৰ বাবে আলোচনাৰ বিকল্প মুকলি বুলি ইংগিত দিছিল ।
অৱশ্যে এম এন এছ নেতা সন্দীপ দেশপাণ্ডে স্পষ্ট কৰি দিছে যে ৰাজ থাকৰেই ক’তো উদ্ধৱৰ দলৰ সৈতে প্ৰত্যক্ষ মিত্ৰতাৰ কথা কোৱা নাছিল।
তেওঁৰ মতে, ৰাজ থাকৰেই কৈছিল যে যদি শিৱসেনা (ইউ বি টি) মিত্ৰতাৰ প্ৰতি আগ্ৰহী তেন্তে তেওঁ সেই বিষয়ে বিবেচনা কৰিব ।
একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনাইও এম এন এছৰ সৈতে মিত্ৰতা কৰিবলৈ চেষ্টা কৰিছে নেকি সেই প্ৰশ্নত দেশপাণ্ডে কয় যে একনাথ শিণ্ডেৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বাৰ্তা অহা নাই ।
লগতে পঢ়ক; বলীউডত পুনৰ কৰোনা; এইবাৰ মহামাৰী ক’ভিডত আক্ৰান্ত অভিনেত্ৰী নিকিতা দত্ত