‘মই পদত্যাগ কৰিবলৈ সাজু’; দলত বিভাজনৰ মাজতে পদত্যাগ কৰাৰ প্ৰস্তাৱ উদ্ধৱ থাকৰেৰ

শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে শুকুৰবাৰে স্পষ্ট কৰি দিয়ে যে যদি দলীয় কৰ্মী বা নেতাই তেওঁক মুখ্য পদৰ বাবে উপযুক্ত নহয় বুলি অনুভৱ কৰে,তেন্তে তেওঁ পদত্যাগ কৰিবলৈ সাজু আছে।

শিৱসেনা প্ৰধান উদ্ধৱ থাকৰেই শুক্ৰবাৰে এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কয় যে, ‘যদি দলৰ কৰ্মী আৰু নেতাসকলে অনুভৱ কৰে যে তেওঁ শিৱসেনা প্ৰধান পদটোৰ বাবে উপযুক্ত নহয়, তেন্তে তেওঁ পদত্যাগ কৰিবলৈ সাজু আছে।’ তেওঁ লগতে কয়, ‘মই যিকোনো যোগ্য ব্যক্তিক শিৱসেনাৰ অধ্যক্ষৰ পদটো এৰি দিবলৈ সাজু আছোঁ। মই সংগ্ৰামৰ পৰা পিছহুহকি অহা মানুহ নহয়, কিন্তু যিদিনা আপোনালোকৰ অনুভৱ হ’ব যে মই এই দায়িত্বৰ বাবে সঠিক নহয়, সেই দিনাই মই এই পদ এৰি দিম।’

শিৱসেনা প্ৰধান উদ্ধৱ থাকৰেই শুক্ৰবাৰে দলীয় কৰ্মীসকলক সম্বোধন কৰে। এই অনুষ্ঠানত তেওঁ কয় যে, ‘কিছুমান লোকে হয়তো ভাবিছে যে শিৱসেনা ভাঙি যোৱাৰ পিছত আৰু ৰাজনৈতিক প্ৰত্যাহ্বানৰ মাজত তেওঁৰ মনোবল ভাঙি পৰিব, কিন্তু তেনে একো নহয়।’ তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো পৰিস্থিতিতে হাৰ মনা লোক নহয়। উদ্ধৱ থাকৰেই ‘অপাৰেচন তোড়ৱা’ (দল ভঙাৰ অভিযান)-ৰ কথা উল্লেখ কৰি কয় যে কিছুমান লোকে তেওঁক নিৰ্দেশ দিয়াৰ কথা কয়। তেওঁ সোঁৱৰাই দিয়ে যে শিৱসেনাৰ প্ৰতিষ্ঠাপক বাৰাছাহেব থাকৰেই ইতিমধ্যেই কৈ গৈছিল যে যিসকলে দলৰ সৈতে বিশ্বাসঘাটকতা কৰে, তেওঁলোকক ৰাজনৈতিকভাৱে উচিত প্ৰত্যুত্তৰ দিব লাগে।

তেওঁ কয় যে যিকোনো ৰাজনৈতিক দলৰ সফলতাৰ মূল্যায়ন নিৰ্বাচনী ফলাফলৰ দ্বাৰাহে হোৱা উচিত। উদ্ধৱে প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তাৰ প্ৰসংগ টানি কয় যে বাৰাছাহেবে তেওঁক কৈছিল যে ক্ষমতাৰ প্ৰতি তেওঁৰ কোনো মোহ নাই আৰু চৰকাৰ ভাঙি পৰিলেও তেওঁৰ কোনো আক্ষেপ নাই। কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ উত্থাপিত প্ৰশ্নৰ উত্তৰ দি উদ্ধৱে কয় যে যদি শিৱসেনা ৩০ বছৰ ধৰি বিজেপিৰ সৈতে থকাৰ পিছতো বিজেপত বিলীন হৈ নগ’ল, তেন্তে কংগ্ৰেছৰ সৈতে বিলীন হোৱাৰ প্ৰশ্নই নুঠে। তেওঁ দাবী কৰে যে ৰাজ্যখনত বিজেপি নিজেই শিন্দে গোটৰ বাবে অতিষ্ঠ হৈ পৰিছে।

কংগ্ৰেছৰ সন্দৰ্ভত উদ্ধৱে কয় যে অতীতত দুয়োটা দলৰ মাজত মতানৈক্য আছিল, কিন্তু কংগ্ৰেছে কেতিয়াও ‘মাতোশ্ৰী’ (ঠাকৰে পৰিয়ালৰ বাসস্থান)ক অপমান কৰা নাই। তেওঁ কয় যে কংগ্ৰেছে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে। ইয়াৰ লগতে বিজেপিক লক্ষ্য কৰি তেওঁ কয় যে যদি শিৱসেনাৰ সমৰ্থন নাপালেহেঁতেন, তেন্তে বিজেপি বহুত আগতেই শেষ হৈ গ’লহেঁতেন। উদ্ধৱ থাকৰেই পুনৰ দোহাৰে যে যদি দলৰ কৰ্মীসকলে অনুভৱ কৰে যে তেওঁ শিৱসেনা প্ৰধান পদৰ যোগ্য নহয়, তেন্তে তেওঁ পদ এৰিবলৈ সাজু, কিন্তু সংগ্ৰামৰ পৰা কেতিয়াও পিছহুহকি নাযায়।

লগতে পঢ়ক: ৫৬ বছৰীয়া হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

‘যিটো পাৰ্টীৰ কাৰ্যকৰ্তা য‘ত আছে তাতেই থাকিব লাগিব’; বিজেপি, শিৱসেনা আৰু এনচিপিৰ মাজত ঐকমত

বিজেপি, শিৱসেনা আৰু এনচিপিৰ মাজত ঐকমত

মহাৰাষ্ট্ৰৰ মহাগঠবন্ধনৰ তিনিটা দলে এটা ডাঙৰ সিদ্ধান্ত লৈছে।ভাৰতীয় জনতা পাৰ্টি, শিৱসেনা আৰু এন চি পিয়ে মিলি মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে,যাৰ অধীনত নাগৰিক নিৰ্বাচনৰ পূৰ্বে মিত্ৰজোঁটৰ তিনিটা গঠনকাৰী দলে নিজৰ মাজতে ভেঙুচালিত লিপ্ত নহ’ব।

তিনিওটা দলে সিদ্ধান্ত লৈছে যে তেওঁলোকে ইজনে সিজন কৰ্মীক নিজৰ দলত প্ৰৱেশ কৰিবলৈ নিদিয়ে।এই কথা মহাৰাষ্ট্ৰ বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী তথা ৰাজহ মন্ত্ৰী চন্দ্ৰশেখৰ বাৱানকুলে কৈছে।

২ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ পৌৰসভা আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।ইয়াত তিনিওটা দলৰ মাজত মিত্ৰতা গঠন হোৱা নাই।ভাৰতীয় জনতা পাৰ্টি, শিৱসেনা আৰু এন চি পিয়ে পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।অৱশ্যে তিনিওটা দলে একেলগে জিলা পৰিষদ আৰু পৌৰ নিগমত প্ৰতিদ্বন্দ্বিতা কৰিব।

চন্দ্ৰশেখৰ বাৱানকুলেই জনাইছে যে এনে এটা সিদ্ধান্ত লোৱা হৈছে তিনিওটা দলৰ কাৰ্যকৰ্তাক বুজাবলৈ চেষ্টা কৰিব যে যিটো পাৰ্টীৰ কাৰ্যকৰ্তা য‘ত আছে তাতেই থাকিব লাগিব।

কেতিয়াবা স্থানীয় পৰ্যায়ত কথাবোৰ ভুল হয়, গতিকে আমি সকলোৱে একেলগে এই সিদ্ধান্ত লৈছো।মহাৰাষ্ট্ৰত মহাযুতি শক্তিশালী।

চন্দ্ৰশেখৰ বাৱানকুলে কয় যে সমন্বয় সমিতিয়ে ইজনে সিজনৰ দলত প্ৰৱেশ বন্ধ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।এতিয়া তিনিওটা দলে ইজনে সিজনৰ বিষয়া-কৰ্মীক নিজ নিজ দলত প্ৰৱেশ কৰিবলৈ নিদিয়ে।

লগতে পঢ়ক: ‘ভুলতো যদি পুনৰবাৰ মুখ্যমন্ত্ৰী হও অসমত UCC বলৱৎ কৰিম’; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

‘শিৱসেনাৰ সৈতে মিত্ৰতাৰ কথা বিবেচনা কৰা হ’ব যদিহে..’; ৰাজ থাকৰে দলৰ ডাঙৰ বক্তব্য

শিৱসেনা

মহাৰাষ্ট্ৰৰ ৰাজনীতিত অব্যাহত আছে জল্পনা-কল্পনাৰ পৰ্যায় । মহাৰাষ্ট্ৰৰ পৌৰসভা নিৰ্বাচনৰ পূৰ্বে উদ্ধৱ থাকৰেৰ শিৱসেনা (ইউ বি টি) আৰু ৰাজ থাকৰেৰ এম এন এছৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে ।

এতিয়া এই সকলোবোৰ জল্পনা-কল্পনাৰ সন্দৰ্ভত MNSৰ এটা বিবৃতি ওলাইছে । এম এন এছৰ জ্যেষ্ঠ নেতা সন্দীপ দেশপাণ্ডে কয় যে তেওঁলোকৰ পক্ষৰ পৰা কোনো সুনিৰ্দিষ্ট প্ৰস্তাৱ আহিলেহে উদ্ধৱৰ দলৰ সৈতে মিত্ৰতাৰ কথা বিবেচনা কৰিব এম এন এছৰ মুৰব্বীয়ে ।

আমি কেৱল বিশ্বাসঘাতকতাহে পাইছো- MNS

মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ নেতা সন্দীপ দেশপাণ্ডে উদ্ধৱ থাকৰেৰ গোটৰ সৈতে মিত্ৰতা সন্দৰ্ভত সাংবাদিকৰ আগত এক সুনিৰ্দিষ্ট প্ৰস্তাৱৰ দাবী জনায় ।

তেওঁ ক’লে যে আমি আগতেও মিত্ৰতাৰ প্ৰস্তাৱ পঠিয়াইছিলো, কিন্তু আমি কেৱল বিশ্বাসঘাতকতাহে পাইছিলোঁ।দেশপাণ্ডে কয় যে যদি তেওঁলোকে বিচাৰে যে আমি একত্ৰিত হওঁ তেন্তে তেওঁলোকে ৰাজ থাকৰেলৈ অনাস্থা প্ৰস্তাৱ প্ৰেৰণ কৰক । এই সন্দৰ্ভত সঠিক সিদ্ধান্ত ল’ব থাকৰেই ।

ৰাজ থাকৰেই দিছিল ডাঙৰ ইংগিত

শেহতীয়াকৈ ৰাজ থাকৰেই এক সাক্ষাৎকাৰৰ সময়ত শিৱসেনাৰ সৈতে মিত্ৰতাৰ বাবে আলোচনাৰ বিকল্প মুকলি বুলি ইংগিত দিছিল ।

অৱশ্যে এম এন এছ নেতা সন্দীপ দেশপাণ্ডে স্পষ্ট কৰি দিছে যে ৰাজ থাকৰেই ক’তো উদ্ধৱৰ দলৰ সৈতে প্ৰত্যক্ষ মিত্ৰতাৰ কথা কোৱা নাছিল।

তেওঁৰ মতে, ৰাজ থাকৰেই কৈছিল যে যদি শিৱসেনা (ইউ বি টি) মিত্ৰতাৰ প্ৰতি আগ্ৰহী তেন্তে তেওঁ সেই বিষয়ে বিবেচনা কৰিব ।

একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনাইও এম এন এছৰ সৈতে মিত্ৰতা কৰিবলৈ চেষ্টা কৰিছে নেকি সেই প্ৰশ্নত দেশপাণ্ডে কয় যে একনাথ শিণ্ডেৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বাৰ্তা অহা নাই ।

লগতে পঢ়ক; বলীউডত পুনৰ কৰোনা; এইবাৰ মহামাৰী ক’ভিডত আক্ৰান্ত অভিনেত্ৰী নিকিতা দত্ত