‘চুৰি হৈছে ৰাহুল গান্ধীৰ মগজু…!’
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে বিহাৰ ভ্ৰমণৰ সময়তে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে। কংগ্ৰেছ দলৰ এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰা অপমানজনক মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘মই আগতেও কৈছিলোঁ যে ৰাহুল গান্ধীৰ মগজু চুৰি হৈছে আৰু যেতিয়া মগজুটো চুৰি হয় তেতিয়াই মানুহে এনেধৰণৰ কথা কয়’।
‘আপোনাক ৰাষ্ট্ৰীয় নেতা বুলি ক’বলৈ কিবা অধিকাৰ আছে নে? মই ভাবো যেতিয়া কাৰোবাৰ মগজু চুৰি হয় তেতিয়া তাক আওকাণ কৰা উচিত’।
যোৱা কেইদিনমানৰ পৰা লোকসভাৰ বিৰোধী নেতাই প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে যি সুৰত বক্তব্য দিছে এই বিষয়ক লৈ বিজেপিৰ নেতা-কৰ্মীয়ে ৰাহুল গান্ধীক সমালোচনা কৰিছে।
ইয়াৰ পিছত বৃহস্পতিবাৰে সীমা অতিক্ৰম কৰিলে কাৰণ দৰভঙাত যি ঘটিল সেয়া কোনো সভ্য সমাজত মানি ল’ব নোৱাৰি।
বিৰোধী দলৰ সভাপতি গৰাকীয়ে যেতিয়া গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁৰ কংগ্ৰেছ দলৰ কৰ্মীসকলে পি এম মোদীক লেতেৰা ভাষাত গালি-গালাজ কৰিবলৈ ধৰিলে,প্ৰধানমন্ত্ৰী মোদীৰ বাবে অপশব্দ ব্যৱহাৰ কৰাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।