উৎকট গৰম
উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত পঞ্জাৱ চৰকাৰে ৰাজ্যখনৰ সকলো চৰকাৰী, সাহায্যপ্ৰাপ্ত, স্বীকৃতিপ্ৰাপ্ত আৰু ব্যক্তিগত বিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।২ জুনৰ পৰা ৩০ জুনলৈ গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰা হৈছে।
এই নিৰ্দেশনা সমগ্ৰ ৰাজ্যৰ চৰকাৰী, সাহায্যপ্ৰাপ্ত, স্বীকৃতিপ্ৰাপ্ত আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।ভাৰতৰ বতৰ বিজ্ঞান বিভাগে পঞ্জাৱৰ কিছু অংশৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে, য’ত সতৰ্কবাণী দিয়া হৈছে যে অহা সপ্তাহতো প্ৰচণ্ড গৰম অব্যাহত থাকিব পাৰে।
পঞ্জাৱৰ কেইবাটাও প্ৰান্তত ৰেড এলাৰ্ট
উত্তৰ ভাৰতত উৎকট গৰমৰ মাজতে পঞ্জাৱ চৰকাৰে ৰাজ্যখনৰ সকলো বিদ্যালয়তে গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰিছে।
চৰকাৰী অধিসূচনা অনুসৰি সকলো চৰকাৰী, সাহায্যপ্ৰাপ্ত, স্বীকৃতিপ্ৰাপ্ত আৰু ব্যক্তিগত বিদ্যালয় ২ জুনৰ পৰা ৩০ জুলনৈ গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰিছে।
এই সিদ্ধান্ত এনে এটা সময়ত লোৱা হৈছে যেতিয়া বাথিণ্ডা, পাটিয়ালা আৰু অমৃতসৰকে ধৰি বহু জিলাত তাপমাত্ৰা ৪৪ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ গৈছে, যাৰ বাবে স্কুললৈ যোৱা শিশুৰ স্বাস্থ্যৰ সন্দৰ্ভত উদ্বেগ বৃদ্ধি পাইছে।
ভাৰতৰ বতৰ বিজ্ঞান বিভাগে পঞ্জাৱৰ কিছু অংশৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে, য’ত সতৰ্কবাণী দিয়া হৈছে যে অহা সপ্তাহতো প্ৰচণ্ড গৰম অব্যাহত থাকিব পাৰে।
শিক্ষামন্ত্ৰী হৰজোৎ সিং বেইনছে সোমবাৰে এই কথা নিশ্চিত কৰি কয় যে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আমাৰ কাৰণে সৰ্বোচ্চ।
বতৰৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰি শিশুসকলৰ স্বাৰ্থত গ্ৰীষ্মকালীন বন্ধ আগতীয়াকৈ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
লগতে পঢ়ক: প্ৰীতি জিন্টাই দিলে উদাৰতাৰ পৰিচয়; শ্বহীদৰ পৰিয়াললৈ ১.১০ কোটি টকাৰ অনুদান