অপাৰেচন সিন্দুৰ সন্দৰ্ভত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধীনগৰত স্পষ্ট বাৰ্তা দি কয়- আমি সিদ্ধান্ত লৈছো যে আমি সন্ত্ৰাসবাদৰ কাঁইট আঁতৰাইহে এৰিম । গুলীৰ উত্তৰ গুলীৰে, ইটাৰ উত্তৰ শিলেৰে দিয়া হ’ব । অপাৰেচন সিন্দুৰৰ জৰিয়তে আমি ২২ মিনিটত PoK ত ৯ টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰিলোঁ আৰু এইবাৰ কেমেৰাৰ সন্মুখত সকলো ঘটিল । যাতে কোনেও প্ৰমাণ নিবিচাৰে… আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাম । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া পাকিস্তানক কঠোৰ সতৰ্কবাণী প্ৰদান কৰে । তেওঁ স্পষ্ট কৰি দিয়ে যে আমি কাৰো লগত শত্ৰুতা নিবিচাৰো । সিন্ধু জল সন্ধি স্থগিত ৰখাটো আমাৰ ইচ্ছাকৃত যুদ্ধ কৌশল ।
ভাৰতক যুদ্ধত পৰাস্ত কৰিব নোৱাৰে-
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘৭৫ বছৰ ধৰি আমি সন্ত্ৰাসবাদৰ সন্মুখীন হ’লোঁ আৰু যেতিয়া পাকিস্তানৰ সৈতে যুদ্ধৰ প্ৰয়োজনীয়তা আহিল, তিনিওটা সময়তে ভাৰতীয় সামৰিক শক্তিয়ে পাকিস্তানক পৰাস্ত কৰিলে আৰু পাকিস্তানে বুজিলে যে যুদ্ধত ভাৰতক পৰাস্ত কৰিব নোৱাৰে আৰু সেয়েহে ছাঁয়া যুদ্ধ আৰম্ভ কৰিলে । সামৰিক প্ৰশিক্ষণ হয়, সামৰিক প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদীক ভাৰতলৈ পঠিয়াই নিৰীহ লোকক লক্ষ্য কৰি লোৱা হয় । তেওঁলোকে য’তেই সুযোগ পাইছিল তাতেই আক্ৰমণ কৰি থাকিল আৰু আমি সহ্য কৰি থাকিলোঁ… আমি এতিয়া এইটো সহ্য কৰা উচিত নেকি ? গুলীৰ উত্তৰ গুলীৰে দিব লাগেনে ? ইটাৰ উত্তৰ শিলেৰে দিব লাগেনে ?
যেতিয়া আমাৰ শক্তিক বাৰে বাৰে প্ৰত্যাহ্বান জনোৱা হয়…
ভাৰতৰ বৈদেশিক নীতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘বন্ধুসকল, এই দেশখনে বসুধৈৱ কুটুম্বকমৰ মহান সাংস্কৃতিক পৰম্পৰাক আগুৱাই লৈ গৈছে… এয়াই আমাৰ সংস্কৃতি, আমাৰ চৰিত্ৰ… আমি সমগ্ৰ বিশ্বক এটা পৰিয়াল হিচাপে গণ্য কৰোঁ । আমি আমাৰ ওচৰ-চুবুৰীয়াৰ বাবেও সুখ বিচাৰো । তেওঁলোক সুখেৰে জীয়াই থাকক আৰু আমিও সুখেৰে জীয়াই থাকো । কিন্তু যেতিয়া আমাৰ শক্তিক বাৰে বাৰে প্ৰত্যাহ্বান জনোৱা হয়, তেতিয়া এই দেশখনো বীৰৰ ভূমি । আজিলৈকে আমি ইয়াক ছাঁয়া যুদ্ধ বুলি কৈছিলো, ৬ মে’ৰ পিছত যিবোৰ দৃশ্য দেখা গৈছিল… তাৰ পিছত তেওঁলোকে ইয়াক ছাঁয়া যুদ্ধ বুলি কোৱাৰ ভুল কৰিব নোৱাৰে ।
সন্ত্ৰাসবাদীৰ কফিনত পাকিস্তানী পতাকা ৰখা হৈছিল-
অপাৰেচন সিন্দুৰৰ সেই নিশাটো সোঁৱৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘যেতিয়া ২২ মিনিটত ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান চিনাক্ত কৰি ধ্বংস কৰা হৈছিল আৰু এইবাৰ কেমেৰাৰ সন্মুখত সকলো কাম কৰা হৈছিল । এইবাৰ আমি সকলো ব্যৱস্থা কৰি লৈছিলোঁ যাতে কোনেও আমাক প্ৰমাণ নিবিচাৰে । মই এই কথা কৈছো কাৰণ ৬ মে’ৰ পিছত নিহত হোৱা সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাক পাকিস্তানে ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰিছিল । সন্ত্ৰাসবাদীৰ কফিনত পাকিস্তানী পতাকা ৰখা হৈছিল । তেওঁলোকৰ সেনাই সন্ত্ৰাবাদীক চেলুট দিলে আৰু ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে এয়া ছাঁয়া যুদ্ধ নহয় কিন্তু ই এক সুচিন্তিত নীতি আৰু আপুনি যুদ্ধ কৰি আছে । গতিকে ইয়াৰো উত্তৰ এনেদৰেই পাব ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, শৰীৰ যিমানেই সুস্থ নহওক কিয়, কাঁইটে বিন্ধিলে সমগ্ৰ শৰীৰত অশান্তি হৈয়েই থাকে । গতিকে আমি সিদ্ধান্ত লৈছো যে আমি সেই কাঁইট আঁতৰাই পেলাম । ১৯৪৭ চনত ভাৰত মাতৃক টুকুৰা টুকুৰকৈ বিভক্ত কৰা হয় । দেশ তিনিটা ভাগত বিভক্ত হৈ সেই নিশাই কাশ্মীৰৰ মাটিত প্ৰথম সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় । সন্ত্ৰাসবাদীৰ সহায়ত পাকিস্তানে ভাৰত মাতৃৰ এটা অংশ দখল কৰিছিল, মুজাহিদীনৰ নামত । যদি সেইদিনা এই মুজাহিদীনক হত্যা কৰা হ’লহেঁতেন আৰু চৰ্দাৰ পেটেলৰ পৰামৰ্শ গ্ৰহণ কৰা হ’লহেঁতেন তেন্তে যোৱা ৭৫ বছৰ ধৰি চলি থকা এই ধাৰাবাহিক (সন্ত্রাসবাদী কাণ্ড) দেখা নগ’লহেতেন ৷’
তেওঁ পুনৰ কয় যে, অপাৰেচন সিন্দুৰৰ পিছত নিহত সন্ত্ৰাসবাদীৰ মৃতদেহক পাকিস্তানত ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰা হয় । তেওঁলোকৰ কফিনত পাকিস্তানৰ পতাকা ৰখা হৈছিল আৰু তাত থকা সেনাই তেওঁলোকক চেলুট দিছিল । ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে সন্ত্ৰাসবাদী কাৰ্যকলাপ ছাঁয়া যুদ্ধ নহয়, এয়া পাকিস্তানৰ সুচিন্তিত যুদ্ধ কৌশল, আপুনি যুদ্ধ যুঁজি আছে, গতিকে আপুনি একে সঁহাৰি পাব ।
লগতে পঢ়ক : ‘ধ্বংস অনিবাৰ্য…’ গুজৰাটৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন