‘ভাৰতৰ উন্নয়ন যাত্ৰাত জাপান সদায় এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে’
দুদিনীয়া কাৰ্যসূচীৰে জাপানত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ আমন্ত্ৰণত পঞ্চদশ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
জাপানত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতৰ উন্নয়ন যাত্ৰাৰ জাপান এক গুৰুত্বপূৰ্ণ অংশীদাৰ।মই অতি সুখী যে মোৰ যাত্ৰা ব্যৱসায়িক জগতৰ দিগ্বজৰ পৰা আৰম্ভ হৈছে।তাৰ মাজৰ বহু লোককেই মই ব্যক্তিগত ভাৱে চিনি পাওঁ।
মই সুখী যে আপোনালোকক লগ পোৱাৰ সুযোগ পাইছো।মই প্ৰধানমন্ত্ৰী ইছিবাক বিশেষভাৱে ধন্যবাদ জনাইছো যে তেওঁ এই মঞ্চৰ সৈতে সংযুক্ত হৈ আছে।
তেওঁ লগতে কয় যে, ভাৰতৰ উন্নয়ন যাত্ৰাত জাপান সদায় এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে।মেট্ৰ’ৰ পৰা উৎপাদনলৈকে,অৰ্ধপৰিবাহীৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে প্ৰতিটো ক্ষেত্ৰতে আমাৰ অংশীদাৰিত্ব পাৰস্পৰিক বিশ্বাসৰ প্ৰতীক হৈ পৰিছে।
জাপানৰ প্ৰযুক্তি আৰু ভাৰতৰ প্ৰতিভাই একেলগে এই শতিকাৰ প্ৰযুক্তিগত বিপ্লৱৰ নেতৃত্ব দিব পাৰে।দুয়োখন দেশে স্বচ্ছ ইন্ধন আৰু সেউজ ভৱিষ্যতৰ যুটীয়া ঋণ ব্যৱস্থা চুক্তিতো স্বাক্ষৰ কৰিছে।জাপানৰ উৎকৃষ্টতা আৰু ভাৰতৰ পৰিসৰ একত্ৰিত হৈ এক আদৰ্শ অংশীদাৰিত্ব গঢ়ি তুলিব পাৰে।
টকিঅ’ত ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়োখন দেশৰ অংশীদাৰিত্ব কৌশলগত আৰু বুদ্ধিমান।
অৰ্থনৈতিক যুক্তিৰ দ্বাৰা পৰিচালিত হৈ দুয়োখন দেশে অংশীদাৰী স্বাৰ্থক অংশীদাৰী সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিছে।তেওঁ কয় যে ভাৰত হৈছে গ্ল’বেল চাউথলৈ জাপানী ব্যৱসায়ৰ স্প্ৰিংব’ৰ্ড আৰু দুয়োখন দেশে একেলগে এছিয়ান শতিকাত স্থিতিশীলতা, বৃদ্ধি আৰু সমৃদ্ধিৰ দিশ দিব।
প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে ভাৰতে সহজ-সৰল ব্যৱসায়ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু ব্যৱসায়ৰ বাবে একক ডিজিটেল উইণ্ড’ অনুমোদনৰ ব্যৱস্থা ৰূপায়ণ কৰিছে।
তেওঁ কয় যে এছ এণ্ড পি গ্ল’বেলে দুটা দশকৰ পাছত ভাৰতৰ ক্ৰেডিট ৰেটিং উন্নীত কৰিছে।অটো খণ্ডত ভাৰতৰ অংশীদাৰিত্ব অত্যন্ত সফল হৈছে আৰু একে সফলতা এতিয়া বেটাৰী, ৰবটিক্স, অৰ্ধপৰিবাহী, জাহাজ নিৰ্মাণ আৰু পাৰমাণৱিক শক্তিৰ দৰে খণ্ডতো প্ৰতিলিপি কৰিব পৰা যাব।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জাপানে মিলি গ্ল’বেল চাউথ বিশেষকৈ আফ্ৰিকাৰ উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে।
লগতে পঢ়ক: জাপানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী; টকিঅ’ বিমানবন্দৰত উষ্ম আদৰণি