আহমেদাবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
বৃহস্পতিবাৰে দুপৰীয়া আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে মেঘনিনগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানখন।
গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ বাবে সমগ্ৰ দেশ শোকত ভাগি পৰিছে।কিছু সময় পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহমেদাবাদৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হয় ।
প্ৰায় ১০ মিনিট সময় সেই স্থানতে থাকে প্ৰধানমন্ত্ৰী গৰাকী। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে।
ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে চিকিৎসালয়লৈ গৈ আহতসকলক লগ কৰি তেওঁলোকৰ খবৰ লয়। এই দুৰ্ঘটনাত তেওঁ চিকিৎসা মহাবিদ্যালয়খনৰ আহত ছাত্ৰ-ছাত্ৰীৰ লগতে আনসকলক সাক্ষাৎ কৰে।
বিমান দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পোৱা বিশ্বাস কুমাৰ ৰমেশকো লগ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এখন পৰ্যালোচনা বৈঠকো অনুষ্ঠিত কৰিব । ইয়াৰ মাজতে তেওঁ এতিয়ালৈকে দুৰ্ঘটনাটোৰ প্ৰতিটো আপডেট ল’ব। দুৰ্ঘটনাস্থলীত উপস্থিত হৈ BJ মেডিকেল কলেজৰ হোষ্টেলৰ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়ক: ইজৰাইলৰ আক্ৰমণত মৃত্যু ইৰাণৰ মুৰব্বী হুছেইন চালামী; তেহৰাণে দিলে সকিয়নী