বাৰাণসীত পহলগাম কাণ্ডক লৈ প্ৰধানমন্ত্ৰীৰ ডাঙৰ মন্তব্য
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হয়, য’ত তেওঁ প্ৰায় ২,১৮৩.৪৫ কোটি টকাৰ ৫২টা উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২০ তম কিস্তিও মুকলি কৰে।
এই উপলক্ষে বাৰাণসীৰ এখন ৰাজহুৱা সভাত পহলগাম কাণ্ডৰ কথা উল্লেখ কৰি ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “অপাৰেচন সেন্দুৰৰ পিছত আজি প্ৰথমবাৰলৈ মই কাশীলৈ আহিছো।
২২ এপ্ৰিলত যেতিয়া পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল।২৬জন নিৰীহ লোকক নিৰ্মমভাৱে হত্যা কৰিছিল।
তেওঁলোকৰ পৰিয়ালৰ সেই সন্তানসকলৰ দুখ আৰু সেই কন্যাসকলৰ যন্ত্ৰণা দেখি, মোৰ যথেষ্ট দুখ লাগিছিল। তেতিয়া মই বাবা বিশ্বনাথক প্ৰাৰ্থনা কৰিছিলো যে তেওঁলোকক এই দুখ সহ্য কৰিব পৰাকৈ শক্তি দিয়ক।
মই যি কথা দিছিলো সেইটো একমাত্ৰ মহাদেৱৰ আশীৰ্বাদত পূৰণ হ’ল। অপাৰেচন সেন্দুৰৰ সফলতা তেওঁৰ চৰণত উচৰ্গা কৰিছো”।
বাৰাণসীত অপাৰেচন সেন্দুৰৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ১৪০ কোটি দেশবাসীৰ একতাই হৈ পৰিল অপাৰেচন সেন্দুৰৰ শক্তি।
অপাৰেচন সেন্দুৰ আছিল জোৱানসকলৰ সেই বীৰত্বৰ মুহূৰ্ত আৰু আজি আমি কৃষকসকলক চেলুট দিয়াৰ সুযোগ পাইছো।আজি কাশীত এক বিশাল কৃষক উৎসৱৰ আয়োজন কৰা হৈছে।
লগতে পঢ়ক: ‘আগষ্ট মাহত নাপাব অৰুণোদয়ৰ ধন’; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা