ভাৰতীয় বায়ুসেনাৰ মুখ্য এয়াৰ চীফ মাৰ্শ্বাল অমৰপ্ৰীত সিঙে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । বৈঠকৰ কিছু সময়ৰ পাছতে বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰা ওলাই যায় । জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় বিষয়ত এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
ইয়াৰ পূৰ্বে শুকুৰবাৰে নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠীয়েও লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীগৰাকীক বাসগৃহত সাক্ষাৎ কৰে । নৌসেনাৰ মুৰব্বীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক ঘণ্টীয়া বৈঠকত মিলিত হয়, য’ত তেওঁ নৌসেনাৰ সাম্প্ৰতিক প্ৰস্তুতি আৰু কাৰ্যকলাপৰ বিষয়ে তথ্য প্ৰদান কৰে ।
ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰি আছে প্ৰধানমন্ত্ৰীয়ে-
এতিয়া বায়ুসেনাৰ মুৰব্বীগৰাকীৰ সৈতে হোৱা বৈঠক এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠকৰ অধ্যক্ষতা কৰিছিল । এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান, তিনিটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অংশগ্ৰহণ কৰে ।
ইতিমধ্যে চৰকাৰে স্পষ্ট কৰি দিছে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দেশ প্ৰতিশ্ৰুতিবদ্ধ । পহলগাম আক্ৰমণৰ দোষী আৰু ইয়াৰ ষড়যন্ত্ৰকাৰীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলিও কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে ।
সেনাবাহিনীক ফ্ৰী হেণ্ড-
চৰকাৰে সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ ‘কাৰ্য্যকৰী স্বাধীনতা’ দিছে যাতে তেওঁলোকে সঁহাৰিৰ পদ্ধতি, সময় আৰু লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে । চৰকাৰৰ কঠোৰ অভিপ্ৰায় আৰু বিৰোধীৰ সমৰ্থনে ইংগিত দিয়ে যে অনাগত দিনত সন্ত্ৰাসবাদী ঘটনাৰ বিৰুদ্ধে ভাৰতৰ সঁহাৰি নিৰ্ণায়ক হ’ব পাৰে ।