২০২৫ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় দিনটো আছিল হলিউডৰ তাৰকা টম ক্ৰুজ আৰু তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘মিছন ইম্প’চিবল : ফাইনেল ৰেকনিং’ৰ । যেতিয়া কাঁৰ ৰেড কাৰ্পেটত টম ক্ৰুজ উপস্থিত হয়, তেতিয়া কোলাহল যথেষ্ট বৃদ্ধি হয় । ইয়াৰ পিছত ‘মিছন ইম্প’চিবল: ফাইনেল ৰেকনিং’ৰ প্ৰিমিয়াৰ হয় । কাঁত ছবিখনে লাভ কৰিছিল অভূতপূৰ্ব সঁহাৰি । ‘মিছন ইম্প’চিবল: ফাইনেল ৰেকনিং’এ ষ্টেণ্ডিং অভেচন লাভ কৰাৰ লগতে বহু সময়লৈকে উপস্থিত সকোলেৱ হাত চাপৰি বজাই থাকে । এই কথা দেখি টম ক্ৰুজে আৱেগিক হৈ পৰে ।
কাঁত ‘মিছন ইম্প’চিবল: ফাইনেল ৰেক’নিং’এ যি সঁহাৰি লাভ কৰিছিল, সেই সঁহাৰিত ছবিখনৰ সমগ্ৰ দলটো অত্যন্ত সুখী আৰু আৱেগিক হৈ পৰে । ফ্ৰেঞ্চাইজিৰ অন্তিম ছবিখনৰ সৈতে মিছন ইম্প’চিবল ফ্ৰেঞ্চাইজিক বিদায় দিওঁতে টম ক্ৰুজে আৱেগিক হৈ পৰে । টম ক্ৰুজে দৰ্শকক তেওঁলোকৰ অতিশয় সমৰ্থনৰ বাবে ধন্যবাদ জনায় । এই উপলক্ষে হলিউডৰ তাৰকাগৰাকীয়ে কয়, “প্ৰতিক্ৰিয়াই আমাক এই কাম কৰিবলৈ বাধ্য কৰে । আপুনোনালোকেই আমাক এই কাম কৰিবলৈ বাধ্য কৰে । ডাঙৰ পৰ্দাৰ অভিজ্ঞতাই আমাক এই কাম কৰিবলৈ বাধ্য কৰে ।”
১৭ মে’ত ভাৰতত মুক্তি পাব ছবিখনে-
‘মিছন ইম্প’চিবল: ফাইনেল ৰেক’নিং’ বিশ্বব্যাপী মুক্তিৰ ৬ দিন পূৰ্বে ১৭ মে’ত ভাৰতত মুক্তি পাব । এই ছবিখনৰ বাবে টমে নিজৰ ষ্টাণ্টৰ স্তৰ উন্নীত কৰিছে । ছবিখনৰ প্ৰতি ভাৰতৰ দৰ্শকৰ উৎসাহৰ জোখ ল’ব পাৰি যে ছবিখনৰ আগতীয়া বুকিং আৰম্ভ হোৱাৰ লগে লগে মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ১১ হাজাৰৰো অধিক টিকট বিক্ৰী হ’ল । মুঠতে এই পৰ্যন্ত ছবিখনৰ ৪৫ হাজাৰ টিকট বিক্ৰী হৈছে ।