এদিন হ’লেও ভাৰতৰ অংশ হ’ব POK
পাক অধিকৃত কাশ্মীৰ (POK) সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। তেওঁ কয় যে PoK ৰ বেছিভাগ মানুহেই ভাৰতৰ সৈতে গভীৰ বন্ধন অনুভৱ কৰে আৰু এদিন পাক অধিকৃত কাশ্মীৰৰ লোকসকলে নিজৰ ইচ্ছা মতে ভাৰতৰ মূলসুঁতিলৈ ঘূৰি আহিব।
মহাৰাণা প্ৰতাপ আৰু তেওঁৰ ভাতৃ শক্তি সিঙৰ উদাহৰণ ব্যৱহাৰ কৰি কৈছে যে ভাতৃত্ববোধ আৰু বিশ্বাসে ঐক্য আনিব পাৰে। সিঙৰ মতেপাক অধিকৃত কাশ্মীৰৰ সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক সমৃদ্ধি ভাৰতৰ সৈতে জড়িত।
ৰাজনাথ সিঙে পাকিস্তানৰ টোপনী বিঘ্নিত কৰিব পৰাকে এই মন্তব্য কৰিছে।তেওঁ লগতে কৈছে যে, ‘পাক অধিকৃত কাশ্মীৰত বাস কৰা আমাৰ ভাইসকলৰ অৱস্থা বীৰ যোদ্ধা মহাৰাণা প্ৰতাপৰ কনিষ্ঠ ভাতৃ শক্তি সিঙৰ দৰেই।’
ভাৰতে সদায় হৃদয় সংযোগ কৰাৰ কথা কয়। PoK ৰ মানুহবোৰ আমাৰ নিজৰ। আমি ‘এক ভাৰত, মহান ভাৰত’ৰ সংকল্পৰ প্ৰতি দায়বদ্ধ।
প্ৰেম, ঐক্য আৰু সত্যৰ পথত খোজ কাঢ়ি গৈ থকা দিনটো বেছি দূৰ নাই যেতিয়া আমাৰ নিজৰ অংশ POK ঘূৰি আহি ক’ব, মই ভাৰত, মই ঘূৰি আহিছো।
তেওঁ কয় যে আজি পাকিস্তানে সন্ত্ৰাসবাদৰ ব্যৱসায় চলোৱাৰ গধুৰ মূল্য উপলব্ধি কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি আমি পুনৰ সংজ্ঞায়িত আৰু প্ৰণয়ন কৰিছো।
আমি পাকিস্তানৰ সৈতে আমাৰ সম্পৰ্ক আৰু আলোচনাৰ পৰিসৰ পুনৰ মূল্যায়ন কৰিছো। এতিয়াৰ পৰা যেতিয়াই আলোচনা হ’ব তেতিয়াই কেৱল সন্ত্ৰাসবাদ আৰু পাক অধিকৃত কাশ্মীৰ (PoK)ৰ কথাহে হ’ব। পাকিস্তানৰ সৈতে অন্য কোনো বিষয়ত আলোচনা নহ’ব৷
এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি এতিয়া ২৩,৫০০ কোটি টকাৰে অভিলেখ সৃষ্টি কৰিছে । আজি আমি কেৱল যুদ্ধ বিমান বা মিছাইল ব্যৱস্থা নিৰ্মাণ কৰা নাই।
আমি নতুন যুগৰ যুদ্ধ প্ৰযুক্তিৰ বাবেও প্ৰস্তুতি চলাইছো। আজি প্ৰমাণিত হৈছে যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মেক-ইন-ইণ্ডিয়া ভাৰতৰ নিৰাপত্তা আৰু সমৃদ্ধি দুয়োটাৰে বাবে অপৰিহাৰ্য। তেওঁ মেক ইন ইণ্ডিয়া পদক্ষেপৰ কথাও উল্লেখ কৰে, যিয়ে ভাৰতক অৰ্থ
লগতে পঢ়ক: দক্ষিণ কোৰিয়াৰ নৌসেনাৰ বিমান P-3 দুৰ্ঘটনাগ্ৰস্ত…