সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰধানমন্ত্ৰীয়ে স্মৃতিত মুকলি কৰিলে স্মাৰক মুদ্ৰা
মণিপুৰ ভ্ৰমণ সামৰি শনিবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্শিকী উপলক্ষে গুৱাহাটীৰ খানাপাৰাত আয়োজন কৰা অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত ৰোড শ্ব’ কৰে, য’ত তেওঁ ৰাইজৰ শুভেচ্ছা গ্ৰহণ কৰে । উপস্থিত ৰাইজে তেওঁক পুষ্পবৃষ্টিৰে আদৰণি জনাই ।
গ্ৰন্থ উন্মোচন আৰু ১০০ টকীয়া স্মাৰক মুদ্ৰা মুকলি-
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূপেন হাজৰিকাৰ জীৱন আধাৰিত এখন গ্ৰন্থও এই অনুষ্ঠানত উন্মেচন কৰে । এই অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ১০০ টকীয়া স্মৃতি মুদ্ৰাও মুকলি কৰে । এই অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীগয়ে কয়, মাত্ৰ কেইদিনমান পূৰ্বে ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ জন্মদিন পাৰ হৈ গ’ল । এই দিনটোতে ভূপেন দালৈ উৎসৰ্গিত এটা প্ৰবন্ধত মোৰ অনুভৱ প্ৰকাশ কৰিলোঁ । তেওঁৰ জন্ম শতবাৰ্ষিকীৰ এই অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পোৱাটো মোৰ বাবে সৌভাগ্য ।
তেওঁ কয়, ভূপেন দা ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ মহান নায়ক আছিল । দশক দশক পূৰ্বে যেতিয়া উত্তৰ-পূব অৱহেলাৰ বলি হৈছিল, তেতিয়া উত্তৰ-পূবক হিংসা আৰু বিচ্ছিন্নতাৰ জুইত জ্বলিবলৈ এৰি দিয়া হৈছিল । তেতিয়া ভূপেনদাই সেই কঠিন সময়তো ভাৰতৰ ঐক্যক কণ্ঠ দি থাকিল । তেওঁ এখন সমৃদ্ধিশালী উত্তৰ-পূবৰ সপোন দেখিছিল, প্ৰকৃতিৰ আচৰিত সৌন্দৰ্য্যত থিতাপি লোৱা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গীত গাইছিল ।
ভূপেন হাজৰিকাৰ কণ্ঠই এতিয়াও মানুহক শক্তি প্ৰদান কৰেঃ প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভূপেন হাজৰিকা আজি আমাৰ মাজত কায়িকভাৱে উপস্থিত নাই, কিন্তু তেওঁৰ কণ্ঠই এতিয়াও মানুহক শক্তি প্ৰদান কৰে । তেওঁৰ সংগীতে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱ প্ৰতিফলিত কৰে বুলি উল্লেখ কৰি তেওঁ ভাৰতীয় সাংস্কৃতিক পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত আছিল বুলি কয় প্ৰধানমন্ত্ৰীয়ে ।
‘ভূপেন হাজৰিকাক ভাৰতৰত্ন বঁটা প্ৰদান কৰি উত্তৰ-পূৰ্বাঞ্চলক কৰা হ’ল সন্মান’
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, এজন প্ৰকৃত দেশপ্ৰেমৰ হৃদয়ৰ পৰা যি কণ্ঠ ওলায় সেয়া কেতিয়াও অসাৰ নহয় । আজি আমি দিনে নিশাই তেওঁৰ উত্তৰ-পূৰ্বাঞ্চলৰ সপোনক বাস্তৱত পৰিণত কৰিবলৈ কাম কৰি আছো । আমাৰ চৰকাৰে ভূপেন দাক ভাৰত ৰত্ন বঁটা প্ৰদান কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সপোন আৰু আত্মসন্মানক সন্মান জনায় আৰু লগতে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অগ্ৰাধিকাৰ হিচাপে গঢ়ি তোলে । আমি অসম আৰু অৰুণাচল সংযোগী দেশৰ ভিতৰতে এখন দীঘলীয়া দলং নিৰ্মাণ কৰি ভূপেন হাজৰিকা দলং নাম দিলো । আজি অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল দ্ৰুত গতিত আগবাঢ়িছে । উন্নয়নৰ প্ৰতিটো মাত্ৰাতে নতুন অভিলেখ গঢ়ি উঠিছে । উন্নয়নৰ এই কৃতিত্বসমূহ দেশৰ পৰা ভূপেন দালৈ সঁচা শ্ৰদ্ধাঞ্জলি ।
তেওঁ কয়, অসমে সদায় দেশৰ আত্মসন্মানক কণ্ঠ দি আহিছে । ভূপেন দাৰ গীততো আমি একে কণ্ঠ শুনিবলৈ পাওঁ । ১৯৬২ চনৰ যুদ্ধ সংঘটিত হোৱাৰ সময়ত অসমে সেই যুদ্ধখন পোনপটীয়াকৈ প্ৰত্যক্ষ কৰি আছিল । তেতিয়া ভূপেন দাই দেশৰ প্ৰতিজ্ঞা উত্থাপন কৰিছিল… সেই প্ৰতিজ্ঞাই দেশবাসীক নতুন উদ্যমেৰে ভৰাই তুলিছিল ।
কি কলে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই ?
অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে ২০১১ চনত ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত অসমৰ ৰাইজে প্রধানমন্ত্রীয়ে শেষ বিদায়ত উপস্থিত হোৱাটো বিচাৰিছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া তেওঁৰ ১০০ সংখ্যক জন্ম জয়ন্তীত অংশগ্ৰহণ কৰি ভূপেন দাক শ্ৰদ্ধাঞ্জলি জনোৱাত তেওঁ সুখ প্ৰকাশ কৰে । শৰ্মাই কয়, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ মাজলৈ আহি ভূপেন দাক সন্মান জনাইছে । আমি অসমীয়াই এই কথা কেতিয়াও পাহৰিব নোৱাৰো আৰু এই কাৰণে প্ৰধানমন্ত্ৰীক সদায় মনত ৰাখিম ।
লগতে পঢ়ক : আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে… মণিপুৰত এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ