UNGA ত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক মন্ত্ৰী জয়শংকৰে
চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠক (UNGA)ত অংশগ্ৰহণ নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
তেওঁৰ সলনি আমেৰিকালৈ যাব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ। সভাৰ সংশোধিত বক্তাৰ তালিকা প্ৰকাশ পোৱাৰ পিছত এই তথ্য পোহৰলৈ আহিছে।
৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশন। ২৩ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ চলিব এই উচ্চ পৰ্যায়ৰ বৈঠক।
এই বৈঠকত ব্ৰাজিলে প্ৰথম বক্তা হিচাপে পৰিগণিত হ’ব, তাৰ পিছত আমেৰিকাই সাধাৰণ পৰিষদত ভাষণ দিব।২৩ ছেপ্টেম্বৰত UNGAৰ মঞ্চৰ পৰা বিশ্বৰ নেতাসকলক সম্বোধন কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যকালত ৰাষ্ট্ৰসংঘৰ অধিৱেশনত তেওঁ প্ৰথমবাৰৰ বাবে ভাষণ দিব।ভাৰতৰ হৈ বৈদেশিক মন্ত্ৰী জয়শংকৰে অহা ২৭ ছেপ্টেম্বৰত অধিৱেশনত ভাষণ দিব।
কিন্তু ইয়াৰ পূৰ্বে জুলাই মাহত প্ৰকাশ পোৱা বক্তাৰ তালিকাত প্ৰধানমন্ত্ৰী মোদীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। সেই তালিকা অনুসৰি ২৬ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে ইউএনজিএক সম্বোধন কৰিবলৈ ওলাইছিল।
লগতে পঢ়ক: ‘মোদী আৰু মই সদায় বন্ধু হৈয়ে থাকিম…’; ভাৰত চীনৰ সম্পৰ্কৰ পিছতে হঠাৎ সুৰ সলনি ট্ৰাম্পৰ