২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আজি অনুষ্ঠিত হ’ব কেন্দ্ৰীয় কেবিনেটৰ প্ৰথমখন বৈঠক । আজি পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন বৈঠক আহ্বান কৰা হৈছে । ইয়াৰ সমান্তৰালকৈ আজি নিৰাপত্তা বিষয়ক সমিতি চি চি এছৰ বৈঠকো অনুষ্ঠিত হ’ব ।
যোৱা সপ্তাহত কেন্দ্ৰীয় কেবিনেটৰ কোনো বৈঠক অনুষ্ঠিত হোৱা নাছিল আৰু ২৩ এপ্ৰিলত কেৱল কেবিনেট কমিটি অন ছিকিউৰিটিৰ বৈঠকত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়া হৈছিল । যোৱা বুধবাৰে চি চি এছৰ বৈঠকৰ পাছত ভাৰতে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰাকে ধৰি কেইবাটাও পদক্ষেপৰ কথা ঘোষণা কৰিছিল ।
সেনাক স্বতন্ত্ৰতা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে-
মঙলবাৰে (২৯ এপ্ৰিল) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ‘শক্তিশালী আঘাত’ কৰিবলৈ তেওঁ সেনাক স্বতন্ত্ৰতা প্ৰদান কৰে । এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানৰ লগতে সেনা, নৌসেনা আৰু বায়ুসেনাৰ মুৰব্বীসকলো উপস্থিত থাকে ।
বৈঠকত এই কথা কৈছে প্ৰধানমন্ত্ৰী মোদীয়ে-
বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সন্ত্ৰাসবাদৰ ওপৰত তীব্ৰ আক্ৰমণ আমাৰ ৰাষ্ট্ৰীয় সংকল্প । ভাৰতীয় সশস্ত্ৰ বাহিনীৰ পেছাদাৰী সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি তেওঁ কয় যে তেওঁলোকৰ হাতত “আমাৰ সঁহাৰিৰ পদ্ধতি, উদ্দেশ্য আৰু সময়ৰ বিষয়ে সিদ্ধান্ত ল’বলৈ সম্পূৰ্ণ কাৰ্যকৰী স্বাধীনতা আছে । প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে কৈছে যে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলে কল্পনা কৰিব নোৱৰা পৰিণতিৰ সন্মুখীন হ’ব ।”
পহলগাম আক্ৰমণৰ পিছত হাই এলাৰ্টত সেনা বাহিনী-
পহলগাম আক্ৰমণৰ পিছত সশস্ত্ৰ বাহিনীক হাই এলাৰ্টত ৰখা হৈছে, নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰ্দিষ্ট ইউনিটসমূহক অপাৰেচনেল ৰেডিনেছ মোডত ৰখা হৈছে । ড্ৰ’ন, চেটেলাইট ইমেজৰী আৰু ইলেক্ট্ৰনিক ইন্টাৰচেপ্টৰ জৰিয়তে পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ সন্ত্ৰাসবাদী লঞ্চপেডসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি থকা হৈছে ।