ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে বৃটেইনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী । কিছু সময় পূৰ্বে তেওঁ লণ্ডনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাত কৰে । কিছু সময় পিছতে ভাৰত আৰু ব্ৰিটেইনৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব, য’ত মুক্ত বাণিজ্য চুক্তি (এফ টি এ) স্বাক্ষৰিত হ’ব ।
ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিব । ভাৰত আৰু ব্ৰিটেইনৰ মাজত মুক্ত বাণিজ্য চুক্তিতো সাক্ষৰ হ’ব ।
এফ টি এ কি ?
এফ টি এ হৈছে দুখন দেশৰ মাজত ব্যৱসায় সহজ কৰি তোলাৰ চুক্তি । ইয়াৰ অধীনত দুয়োখন দেশে ইখনে সিখন দেশৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা আমদানি শুল্ক, শুল্ক বা কৰ হ্ৰাস বা নাইকিয়া কৰে । তিনি বছৰ ধৰি ভাৰত আৰু ব্ৰিটেইনৰ মাজত এফ টি এৰ বাবে আলোচনা চলি আছিল ।
এই চুক্তিৰ জৰিয়তে কম হাৰত চামৰা, জোতা আৰু কাপোৰ ৰপ্তানি সম্ভৱ হ’ব আৰু ব্ৰিটেইনৰ পৰা হুইস্কি আৰু গাড়ী আমদানি সস্তা হ’ব । বুধবাৰে এফ টি এত অনুমোদন জনাই মোদী কেবিনেটে । এই চুক্তি স্বাক্ষৰ কৰাৰ পিছত ব্ৰিটিছ সংসদৰ অনুমোদন ল’ব লাগিব, তাৰ পিছত এই চুক্তি বলবৎ হ’ব ।
লগতে পঢ়ক : লণ্ডনত প্ৰধানমন্ত্ৰী মোদীক আদৰণি প্ৰৱাসী ভাৰতীয়ৰ