সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে । অপাৰেচন সিন্দুৰৰ পিছত এইটোৱেই আছিল তেওঁৰ প্ৰথম ভাষণ য’ত তেওঁ ভাৰতীয় সেনাবাহিনীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা অভিযানৰ কৃতিত্বৰ সংখ্যা গণনা কৰি পাকিস্তানক কঠোৰ ভাষাৰে সকীয়াই দিয়ে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ পদক্ষেপ অব্যাহত থাকিব ।
‘অপাৰেচন সিন্দুৰ দেশৰ ভগ্নী-কন্যাৰ প্ৰতি উৎসৰ্গিত’
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ এক্সন স্থগিতহে ৰখা হৈছে ।‘ প্ৰধানমন্ত্ৰীয়ে কয়, ‘প্ৰথমে ভাৰতীয় সেনাবাহিনী, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, বিজ্ঞানীসকলক প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো । আমাৰ সাহসী জোৱানসকলে অপাৰেচন সিন্দুৰৰ লক্ষ্যত উপনীত হ’বলৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিছে । আজি তেখেতসকলৰ সাহস আৰু বীৰত্ব আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃ, ভগ্নী আৰু কন্যাৰ প্ৰতি উৎসৰ্গা কৰিছো ।‘
‘আমি বাহিনীক মুক্ত হাত দিলোঁ’
তেওঁ কয়, ‘২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীয়ে দেখুওৱা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল । বন্ধৰ দিন উদযাপন কৰা নিৰীহ, নিৰাপদ নাগৰিকক পৰিয়ালৰ সন্মুখত নিৰ্মমভাৱে হত্যা কৰা হ’ল । এয়া আছিল সন্ত্ৰাসবাদৰ এক অতি ভয়ংকৰ মুখ । এয়া আছিল দেশৰ সম্প্ৰীতি ভংগ কৰাৰ প্ৰয়াস । ব্যক্তিগতভাৱে মোৰ বাবে এইটো আছিল এক বৃহৎ কষ্ট ।‘
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ ৰাষ্ট্ৰ, সকলো ৰাজনৈতিক দলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে এক কণ্ঠত থিয় দিছিল । সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ আমি সশস্ত্ৰ বাহিনীক মুক্ত হাত দিছো । আজি প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে জানে যে আমাৰ ভগ্নী-কন্যাৰ কপালৰ পৰা সেন্দুৰ আঁতৰোৱাৰ পৰিণতি কি হ’ব ।‘
তেওঁ কয়, ‘অপাৰেচন সিন্দুৰ কেৱল নাম নহয় বৰঞ্চ দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন । এয়া ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ এই অভিযানৰ পিছত পাকিস্তানে পলায়নৰ পথ বিচাৰিবলৈ আৰম্ভ কৰে । সমগ্ৰ বিশ্বতে দেশখনে অনুৰোধ কৰি আছিল । বেয়াকৈ প্ৰহাৰ হোৱাৰ পিছত ১০ মে’ৰ বিয়লি পাকিস্তানী সেনাই আমাৰ ডি জি এম অ’ৰ সৈতে যোগাযোগ কৰে । তেতিয়ালৈকে আমি সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো ।‘
‘ভাৰতৰ অভিযান কেৱল পিছুৱাই দিয়া হৈছে’
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘পাকিস্তানৰ বুকুত স্থাপন কৰা সন্ত্ৰাসবাদী ঘাটিবোৰ আমি ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ । যেতিয়া পাকিস্তানে আবেদন জনাইছিল আৰু ক’লে যে আমি কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ বা সামৰিক কাৰ্যকলাপত লিপ্ত নহও, তেতিয়া ভাৰতেও সেই বিষয়ে বিবেচনা কৰিছিল । মই আকৌ এবাৰ কওঁ, আমি পাকিস্তানত থকা সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ প্ৰতিশোধমূলক ব্যৱস্থা পিছুৱাই দিছো । অনাগত দিনত পাকিস্তানে কি মনোভাৱ গ্ৰহণ কৰে তাৰ ভিত্তিত আমি পাকিস্তানৰ প্ৰতিটো খোজ জুখিম ।‘