প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব ‘চেনাব ৰে’ল দলং’
আজি জম্মু-কাশ্মীৰ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।তাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে দেশক বহু উপহাৰ দিব। তেওঁ প্ৰথমে চেনাব নদীত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং ‘চেনাব ৰে’ল দলং’ দেশৰ বাবে উৎসৰ্গা কৰিব।
এই ঐতিহাসিক চেনাব ৰে’ল দলঙে কাশ্মীৰ উপত্যকাক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰাই নহয় অঞ্চলটোৰ বাণিজ্য, পৰ্যটন আৰু উদ্যোগিক বিকাশৰ ক্ষেত্ৰতো এক নতুন গতি প্ৰদান কৰিব।প্ৰধানমন্ত্ৰীয়ে আঞ্জি দলং উদ্বোধন কৰিব, এইখন হ’ব ভাৰতৰ প্ৰথমখন কেবল ষ্টেড ৰে’ল দলং।
চেনাব দলং উধামপুৰ-শ্ৰীনগৰ-বৰামুল্লা ৰে’ল লিংক প্ৰকল্পৰ অংশ, যিটো ভাৰতৰ আটাইতকৈ অভিলাষী ৰে’ল প্ৰকল্প।
এই দলং খন চেনাব নদীৰ ওপৰত ১৩১৫ মিটাৰ দীঘল আৰু নদীখনৰ তলৰ পৰা ৩৫৯ মিটাৰ উচ্চতাত অৱস্থিত। এই উচ্চতা দিল্লীৰ কুতুব মিনাৰতকৈ ৫ গুণ বেছি আৰু পেৰিছৰ আইফেল টাৱাৰতকৈও বেছি।
এই দলঙৰ মূল তোৰণ ৪৬৭ মিটাৰ দীঘল আৰু ইয়াক ২৮ হাজাৰ মেট্ৰিক টন তীখাৰ পৰা তৈয়াৰ কৰা হৈছে।
চেনাব দলং নিৰ্মাণৰ বাবে বিশেষ কেবল ক্ৰেনৰ ব্যৱহাৰ কৰা হৈছিল, যিটো ভাৰতীয় ৰে’লৱেত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
৯১৫ মিটাৰ বহল খাদটোৰ ওপৰেৰে সামগ্ৰী কঢ়িয়াই নিবলৈ এই ব্যৱস্থাটো ১০০ মিটাৰ উচ্চতাৰ পাইলনত থিয় হৈ আছে এই দলংখন ২৬৬ কিলোমিটাৰ প্ৰতি ঘণ্টাত প্ৰচণ্ড বতাহ আৰু ভূমিকম্পৰ দৰে প্ৰাকৃতিক প্ৰত্যাহ্বান সহ্য কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল। ই অভিযান্ত্ৰিকতাৰ এক অবিশ্বাস্য উদাহৰণ, যিয়ে ভাৰতৰ প্ৰযুক্তিগত শক্তি দেখুৱাইছে।
চেনাব দলং মুকলি হোৱাৰ লগে লগে কি পৰিৱৰ্তন হ’ব? চেনাব দলং মুকলি কৰাৰ পিছত কাটৰা আৰু শ্ৰীনগৰৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছেৰে যাত্ৰাৰ সময় মাত্ৰ ৩ ঘণ্টালৈ হ্ৰাস কৰা হ’ব, যিটো বৰ্তমান ৫-৬ ঘণ্টা।ইয়াৰ লগে লগে কাশ্মীৰক ৰে’লপথেৰে দেশৰ বাকী অংশৰ সৈতেও সংযোগ কৰা হ’ব।
লগতে পঢ়ক: ৰাছিয়াৰ মিছন প্ৰতিশোধ; ড্ৰোন-ক্ৰুজ-বেলিষ্টিক মিছাইলেৰে ইউক্ৰেইনক আক্ৰমণ