ইৰানৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
দেওবাৰে পুৱা আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ কৰে।এই আক্ৰমণৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতে কথা পাতিছিল।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তথ্য প্ৰদান কৰে।টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “বৰ্তমান পৰিস্থিতিৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিলোঁ।
শেহতীয়া উত্থান ঘটাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিলোঁ।আগবাঢ়ি যাবলৈ তাৎক্ষণিক মানসিক চাপৰ পৰা সকাহ, আলোচনা আৰু কূটনীতি, আৰু আঞ্চলিক শান্তি, নিৰাপত্তা আৰু স্থিতিশীলতাৰ আগতীয়া পুনৰুদ্ধাৰৰ বাবে আমাৰ আহ্বান পুনৰবাৰ উল্লেখ কৰে।’
ইজৰাইলৰ সৈতে আমেৰিকা
দৰাচলতে, বিগত কেইবাদিনো ধৰি ইৰাণ আৰু ইজৰাইলৰ মাজত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে।দুয়োপক্ষৰ পৰা অবিৰতভাৱে মিছাইল আক্ৰমণ চলাই আছে।
এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে আমেৰিকাও ইয়াৰ লগত যোগদান কৰিছে।ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ইৰাণৰ বিৰুদ্ধে যুদ্ধত ইজৰাইলক সমৰ্থন কৰাৰ সন্দৰ্ভত তেওঁ দুসপ্তাহৰ পিছত সিদ্ধান্ত ল’ব।
অৱশ্যে মাত্ৰ দুদিনতে তেওঁ এই সিদ্ধান্ত লৈছিল আৰু ইজৰাইলৰ অভিযানত যোগদান কৰি আমেৰিকাই দেওবাৰে পুৱাৰ ভাগত ইৰাণক আক্ৰমণ কৰিছিল।অৱশ্যে আমেৰিকাৰ আক্ৰমণে ইৰাণৰ কিমান ক্ষতি কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
এই আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ ইৰাণৰ
আমেৰিকাৰ আক্ৰমণৰ পিছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে।ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে আমেৰিকাই ইছলামিক ৰিপাব্লিকৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ কৰি খোদ ইৰাণৰ বিৰুদ্ধে বিপজ্জনক যুদ্ধ আৰম্ভ কৰিছে।
এক বিবৃতি অনুসৰি মন্ত্ৰালয়ে কয় যে, “বিশ্বই পাহৰিব নালাগে যে চলি থকা কূটনৈতিক প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাই ইজৰাইলৰ দৰে গণহত্যাকাৰী আৰু আইনহীন শাসন ব্যৱস্থাক সমৰ্থন কৰি কূটনীতিক বিশ্বাসঘাতকতা কৰিছিল।”
ইয়াত লগতে কোৱা হৈছে যে, “এতিয়া জায়নিষ্ট শাসনে সংঘটিত কৰা উলংঘা আৰু অপৰাধৰ ধাৰাবাহিকতা সম্পূৰ্ণ কৰি আমেৰিকাই নিজেই ইৰাণৰ বিৰুদ্ধে বিপজ্জনক যুদ্ধ আৰম্ভ কৰিছে।
আমেৰিকাৰ সামৰিক আক্ৰমণ আৰু এই শাসন ব্যৱস্থাই সংঘটিত অপৰাধক বলপূৰ্বকভাৱে প্ৰতিহত কৰাৰ লগতে নিজৰ নিৰাপত্তা আৰু জাতীয় স্বাৰ্থ ৰক্ষা কৰাৰ অধিকাৰ ইৰাণৰ আছে।’
লগতে পঢ়ক: ইজৰাইলৰ বিৰুদ্ধে ক্ষুদ্ধ ইৰাণৰ বৃহৎ প্ৰত্যুত্তৰ; কেইবাখনো চহৰত জৰুৰী অৱস্থা