পাঁচখন দেশ ভ্ৰমণ সামৰি দেশলৈ উভতিল প্ৰধানমন্ত্ৰী মোদী
পাঁচখন দেশ ভ্ৰমণৰ অন্তত দেশলৈ ঘূৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৃহস্পতিবাৰে পুৱা তেওঁৰ বিমানখন পালাম বিমানবন্দৰত অৱতৰণ কৰে । আঠ দিনীয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়াকে ধৰি পাঁচখন দেশ ভ্ৰমণ কৰে । ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ১৭ সংখ্যক ব্ৰিকছ সন্মিলনতো অংশগ্ৰহণ কৰে তেওঁ ।
ঘানাৰ সৰ্বোচ্চ সন্মান লাভ-
২ জুলাইত প্ৰথমবাৰৰ বাবে ঘানাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ঘানাত প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰা হয় । ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাৰ সংসদত ভাষণ দিয়ে । উল্লেখ্য যে, যে তিনি দশকৰ পাছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছিল ।
ত্ৰিনিদাদ আৰু ট’বাগো-ভাৰতৰ মাজত ৬খন চুক্তি স্বাক্ষৰিত-
ঘানালৈ সফল ভ্ৰমণৰ অন্তত কেৰিবিয়ান দেশ ট্ৰিনিদাদ এণ্ড ট’বাগোত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দেশখনৰ ৰাজধানী প’ৰ্ট অৱ স্পেইনত উপস্থিত হোৱাৰ পাছতে বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয় । ট্ৰিনিদাদ এণ্ড ট’বাগোৰ ৰাষ্ট্ৰপতি ক্ৰীষ্টিন কেংগালুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ট্ৰিনিদাদ এণ্ড ট’বাগোৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা ‘দ্য অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগো’ প্ৰদান কৰে । ইয়াত তেওঁ সংসদত সম্বোধন কৰে । ভাৰত আৰু ট্ৰিনিদাদ আৰু ট’বাগোৰ মাজত ৬খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় । প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিছেছাৰৰ মাজত হোৱা বৈঠকৰ পাছত দুয়োখন দেশে আন্তঃগাঁথনি উন্নয়ন, ঔষধ আৰু প্ৰতিৰক্ষা আদি ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰে ।
আৰ্জেণ্টিনাত উষ্ম আদৰণি-
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদেশ ভ্ৰমণৰ তৃতীয় পৰ্যায়ত দক্ষিণ আমেৰিকাৰ দেশ আৰ্জেণ্টিনাত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি মাইলীৰ লগতে দেশখনৰ কেইবাগৰাকীও ফুটবল খেলুৱৈক সাক্ষাৎ কৰে । ৰাজধানী বুয়েনছ আয়াৰ্ছত আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনায় । দুয়োজন নেতা বৈঠকতো মিলিত হয় । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি ভাৰত-আৰ্জেণ্টিনাৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ আৰু আমাৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ ৫ বছৰ উদযাপন কৰিছো । আমাৰ দ্বিপাক্ষিক সম্পৰ্কত আমি যথেষ্ট অগ্ৰগতি লাভ কৰিছো । আমি একমত যে আগন্তুক যাত্ৰা আৰু অধিক আশাব্যঞ্জক ।
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিলত উপস্থিত-
বিদেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত চাৰিদিনৰ বাবে ব্ৰাজিললৈ য়ায় প্ৰধানমন্ত্ৰী মোদী । ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰে তেওঁ । ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে কয়- সন্ত্ৰাসবাদ আজি মানৱতাৰ বাবে আটাইতকৈ গুৰুতৰ প্ৰত্যাহ্বান হৈ পৰিছে । ২০ শতিকাত গঠিত বিশ্বব্যাপী প্ৰতিষ্ঠানসমূহে একবিংশ শতিকাৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ অক্ষম । বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা সংঘাতেই হওক, মহামাৰী, অৰ্থনৈতিক সংকটেই হওক বা চাইবাৰস্পেচত নতুনকৈ উদ্ভৱ হোৱা প্ৰত্যাহ্বানই হওক, এই প্ৰতিষ্ঠানসমূহৰ কোনো সমাধান নাই ।
ব্ৰাজিলিয়াত সন্মানিত-
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত ব্ৰাজিল ভ্ৰমণৰ বাবে ব্ৰাজিলিয়ালৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী । ইয়াত তেওঁক বৃহৎ আদৰণি জনোৱা হয় । ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘গ্ৰেণ্ড কলাৰ অৱ দ্য নেচনেল অৰ্ডাৰ অৱ দ্য চাউদাৰ্ণ ক্ৰছ’ৰে সন্মানিত কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাৰ উপস্থিতিত ভাৰত আৰু ব্ৰাজিলৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিসমূহ দুয়োখন দেশৰ মাজত বাণিজ্য, বিজ্ঞান, প্ৰযুক্তি আৰু সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।
নামিবিয়াত কেইবাখনো চুক্তি স্বাক্ষৰিত-
বিদেশ ভ্ৰমণৰ পঞ্চম আৰু অন্তিম পৰ্যায়ত নামিবিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নামিবিয়াৰ ৰাষ্ট্ৰপতি নেটুম্বো নন্দীয়ে নামিবিয়াৰ ষ্টেট হাউছত প্ৰধানমন্ত্ৰীক আদৰণি জনায় । নামিবিয়াৰ উইণ্ডহ’কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নামিবিয়াৰ ৰাষ্ট্ৰপতি ড০ নেটুম্বো নন্দি-নদৈতৱাহৰ প্ৰতিনিধি পৰ্যায়ৰ আলোচনা হয় । ইয়াৰ মাজতে বহু চুক্তিৰ প্ৰস্তাৱত সহমতত উপনীত হয় আৰু দুয়োখন ৰাষ্ট্ৰৰ মুৰব্বীয়ে চুক্তিত স্বাক্ষৰ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নামিবিয়াই সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰে । বুধবাৰে প্ৰধানমন্ত্ৰী মোদীক নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অৱ দ্য মষ্ট এনচিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ’ প্ৰদান কৰা হয় । ইফালে নামিবিয়াৰ সংসদত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।
লগতে পঢ়ক : নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী…