ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ৯০ মিটাৰৰ নিৰ্দিষ্ট স্থান স্পৰ্শ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰশংসা কৰিছে । ডোহা ডাইমণ্ড লীগত এই কৃতিত্ব অৰ্জন কৰিছে যদিও দ্বিতীয় স্থান লাভ কৰিছে নীৰজে । শনিবাৰে নীৰজক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ সফলতাৰ কৃতিত্ব তেওঁৰ অদম্য নিষ্ঠা, অনুশাসন আৰু আবেগলৈ যায় ।
নীৰজক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ-
ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘ভাৰত সুখী আৰু গৌৰৱান্বিত ।’ প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘বৃহৎ কৃতিত্ব ! দোহা ডাইমণ্ড লীগ ২০২৫ত ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰি ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ’ অৰ্জন কৰাৰ বাবে নীৰজ চোপ্ৰালৈ অভিনন্দন । এয়া তেওঁৰ অক্লান্ত নিষ্ঠা, অনুশাসন আৰু আবেগৰ ফল ।‘ শুকুৰবাৰে দোহা ডাইমণ্ড লীগত ৯০.২৩ মিটাৰ জেভেলিন নিক্ষেপ কৰি অৱশেষত ৯০ মিটাৰৰ সীমা ভংগ কৰে নীৰজে । অৱশ্যে দ্বিতীয় স্থানত সন্তুষ্ট হ’বলগীয়া হয় তেওঁ । প্ৰথম স্থান লাভৰ অন্তিম প্ৰয়াসত জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৯১ মিটাৰ জেভেলিন নিক্ষেপ কৰে ।
২৭ বছৰীয়া দুবাৰৰ অলিম্পিক পদক বিজয়ীগৰাকীয়ে তৃতীয়বাৰৰ বাবে নিজৰ জেভেলিন ৯০.২৩ মিটাৰলৈ নিক্ষেপ কৰাৰ বিপৰীতে ৱেবাৰে শেষৰ প্ৰচেষ্টাত ৯১.০৬ মিটাৰ নিক্ষেপ কৰে । তেওঁৰ বৰ্তমানৰ প্ৰশিক্ষক চেক গণৰাজ্যৰ জান জেলেজনি ৯০ মিটাৰতকৈ অধিক থ্ৰ’ৰে শীৰ্ষ জেভেলিন নিক্ষেপকাৰী । টকিঅ’ অলিম্পিক চেম্পিয়ন চোপ্ৰাই বিশ্বৰ ২৫ সংখ্যক খেলুৱৈ আৰু এছিয়াত ৯০ মিটাৰ অতিক্ৰম কৰা তৃতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় । অলিম্পিক চেম্পিয়ন পাকিস্তানৰ আৰ্ছাদ নাদীম (৯২.৯৭ মিটাৰ) আৰু চাইনিজ টাইপেইৰ চাও ছান চেং (৯১.৩৬) আন একমাত্ৰ এছিয়ান খেলুৱৈ যিয়ে ৯০ মিটাৰৰ ওপৰত নিক্ষেপ কৰিছে ।