সৰ্বদলীয় প্ৰতিনিধি দলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সন্ধিয়া অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি প্ৰকাশ কৰিবলৈ বিশ্বৰ ভ্ৰমণ কৰা সৰ্বদলীয় প্ৰতিনিধি দলৰ সদস্যসকলক সাক্ষাৎ কৰে । সকলো সদস্যই নিজৰ অভিজ্ঞতা প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ-বতৰা কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰতিনিধি দলৰ সদস্যসকলৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । অৱশ্যে এই বৈঠকত সৰ্বদলীয় প্ৰতিনিধি দলৰ এগৰাকী সদস্য তথা সাংসদ আছাদুদ্দিন ওৱেইছি উপস্থিত নাছিল ।
প্ৰতিনিধি দলক প্ৰশংসা কেন্দ্ৰীয় চৰকাৰৰ-
ইতিমধ্যে কেন্দ্রীয় চৰকাৰে ৫০ জনতকৈ অধিক ব্যক্তি, বেছিভাগেই কাৰ্যকৰী সাংসদৰে গঠিত সাতটা প্রতিনিধি দলৰ কামৰ প্রশংসা কৰে ৷ ৩৩খন বিদেশী ৰাষ্ট্ৰৰ ৰাজধানী আৰু ইউৰোপীয় সংঘ ভ্ৰমণ কৰা এই প্ৰতিনিধি দলসমূহৰ অংশ আছিল প্ৰাক্তন সাংসদ আৰু প্ৰাক্তন কূটনীতিবিদসকলো ।
ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰতিনিধি দলসমূহক সাক্ষাৎ কৰি পাকিস্তানে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি প্ৰকাশৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাক শলাগ লৈছে ।
বিজেপিৰ দুই, জে ডি ইউৰ এক আৰু শিৱসেনাৰ এককে ধৰি শাসকীয় মিত্ৰজোঁটৰ সাংসদৰ চাৰিটা প্ৰতিনিধি দলৰ নেতৃত্বত কংগ্ৰেছ, ডি এমকে আৰু এন চি পি (এছ পি)ৰ এজনকৈ বিৰোধী সাংসদৰ নেতৃত্বত তিনিটা প্ৰতিনিধি দলৰ নেতৃত্বত উপস্থিত থাকে ।
বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদ আৰু বৈজয়ন্ত পাণ্ডা, কংগ্ৰেছৰ শশী থাৰুৰ, জে ডি ইউৰ সঞ্জয় ঝা, শিৱসেনাৰ শ্ৰীকান্ত শিন্দে, ডি এম কেৰ কানিমোঝি আৰু এন চি পি(এছ পি)ৰ সুপ্ৰিয়া ছুলেৰ নেতৃত্বত নিজ নিজ প্ৰতিনিধি দল বিশ্বৰ বিভিন্ন প্ৰান্তলৈ যায় ।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা প্ৰেৰণৰ বাবে চৰকাৰে সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিছিল, য’ত কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু এ আই এম আই এমৰ সাংসদ আছাদুদ্দিন ওৱেছিৰ দৰে নেতাই বিদেশত ভাৰতৰ হিতৰ বাবে শাসকীয় মিত্ৰজোঁটৰ সদস্যৰ সৈতে যোগ দিছিল । প্ৰতিনিধি দলসমূহৰ প্ৰাক্তন সাংসদসকলৰ ভিতৰত আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গুলাম নবী আজাদ আৰু ছলমান খুৰশ্বিদ ।
লগতে পঢ়ক : ‘যদি আক্ৰমণ হয় তেতিয়া আমি প্ৰত্যুত্তৰ দিম’; পাকিস্তানক সকিয়নী জয়শংকৰৰ