বৈভৱ সূৰ্যবংশীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীক বৰ্তমান সময়ত চিনি নোপোৱা মানুহ হয়টো নোলাব। চলিত আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
১৪ বছৰীয়া খেলুৱৈ গৰাকীয়ে ২০২৫ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ৰাজস্থান ৰয়েলছৰ হৈ উজ্জ্বল খেল প্ৰদৰ্শন কৰিছিল।
গুজৰাট টাইটানছ (জিটি)ৰ বিৰুদ্ধে তেওঁ খেলখনত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল ।সেই মেচখনত মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰিছিল।ইয়াৰ লগে লগে আই পি এলত শতক অৰ্জন কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় খেলুৱৈগৰাকী।
৩০ মে’ ত পাটনা বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে বৈভৱ সূৰ্যবংশীয়ে।এই সময়ত তেওঁৰ পিতৃ-মাতৃও উপস্থিত আছিল।
১৪ বছৰীয়া ক্ৰিকেটাৰ গৰাকীৰ সৈতে হোৱা সাক্ষাৎ ৰ কথা সামাজিক মাধ্যমত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ক্ৰিকেট দক্ষতাক অতি প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে যে, ‘পাটনা বিমানবন্দৰত যুৱ ক্ৰিকেট চেন্সেশ্যন বৈভৱ সূৰ্য্যবংশী আৰু তেওঁৰ পৰিয়ালক লগ পাইছিলো।
তেওঁৰ ক্ৰিকেট দক্ষতাক সমগ্ৰ দেশতে প্ৰশংসা কৰা হৈছে। তেওঁৰ ভৱিষ্যতৰ বাবে মোৰ শুভেচ্ছা।’ প্ৰধানমন্ত্ৰী গৰাকীক লগ পোৱাৰ সময়ত খেলুৱৈগৰাকীয়ে তেওঁৰ ভৰি চুই আশীৰ্বাদ লয়।
লগতে পঢ়ক: PAKৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ কূটনৈতিক জয়; শশী থাৰুৰৰ ষ্ট্ৰাইকৰ পিছত সুৰ সলনি কলম্বিয়াৰ