হিংসাত্মক পৰিস্থিতিৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণ
মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত দুবছৰীয়া জাতিগত হিংসাৰ অন্তত আজি প্ৰথমবাৰৰ বাবে উত্তৰ-পূবৰ মণিপুৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
মণিপুৰৰ শান্তি আৰু উন্নয়নৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
প্ৰধানমন্ত্ৰীয়ে মিজোৰামৰ আইজলৰ পৰা চুৰাচান্দপুৰত উপস্থিত হ’ব আৰু তাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
মণিপুৰত ৮৫০০ কোটি টকাৰ প্ৰকল্প উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।কুকি জনগোষ্ঠীৰ প্ৰধান অঞ্চল চুৰাচান্দপুৰত ৭৩০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
একে সময়তে মেইটেই প্ৰধান ইম্ফলত ১২০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।এইদৰে প্ৰধানমন্ত্ৰী মোদীয়ে কুকি আৰু মেইটেই উভয় জনগোষ্ঠীৰ অঞ্চলত উন্নয়নৰ ভেটি স্থাপন কৰি মণিপুৰত শান্তিৰ নতুন পথ অনাৰ পৰিকল্পনা কৰিছে।
লগতে পঢ়ক: নেপালৰ প্ৰথম মহিলাগৰাকী প্ৰধানমন্ত্ৰী হিচাপে শপত ললে সুশীলা কাৰ্কীয়ে…