অপাৰেচন সিন্দুৰৰ সফলতাৰ পিছত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদমপুৰ এয়াৰবেছ পৰিদৰ্শন কৰি এয়াৰ ৱাৰিয়ৰসকলক সাক্ষাৎ কৰি উৎসাহিত কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে আদমপুৰ বায়ু সেনা ঘাটি পৰিদৰ্শন কৰি পাকিস্তানৰ মিথ্যাচাৰ উদঙাই দিছে, কাৰণ এইটো সেই বিমানঘাটি যিটোক পাকিস্তানে মিছাকৈয়ে লক্ষ্য কৰি লোৱা বুলি দাবী কৰিছিল । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ বাহিনীয়ে নিজৰ বীৰত্বৰ এক বৃহৎ প্ৰদৰ্শন কৰিছে আৰু এতিয়া অপাৰেচন সিন্দুৰ ভাৰতৰ নতুন স্বাভাৱিকতা ।
ভাৰতৰ তিনিটা সূত্ৰৰ সিদ্ধান্ত-
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ লক্ষ্মণ ৰেখা এতিয়া অতি স্পষ্ট । এতিয়া যদি আন এক সন্ত্ৰাসবাদী আক্ৰমণ হয় তেতিয়া ভাৰতে উচিত প্ৰত্যুত্তৰ দিব । তেওঁ কয় যে চাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ত, বিমান আক্ৰমণৰ সময়ত আমি এই কথা দেখিছো আৰু এতিয়া অপাৰেচন সিন্দুৰ ভাৰতৰ নতুন স্বাভাৱিকতা । তেওঁ কয় যে ভাৰতে এতিয়া তিনিটা নীতিৰ ওপৰত সিদ্ধান্ত লৈছে ।
প্ৰথম, যদি ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হয়, তেন্তে আমি নিজৰ ধৰণে, নিজৰ চৰ্তত আৰু নিজৰ সময়ত প্ৰত্যুত্তৰ দিম ।
দ্বিতীয়তে, ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে ।
তৃতীয়তে, সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা চৰকাৰ আৰু সন্ত্ৰাসবাদৰ মালিকক আমি পৃথক সত্তা হিচাপে নাচাও ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে পাকিস্তানৰ আবেদনৰ পিছতহে সামৰিক ব্যৱস্থা স্থগিত ৰাখিছে, যদি পাকিস্তানে পুনৰ সামৰিক দুঃসাহস বা সন্ত্ৰাসবাদী কাৰ্যকলাপ দেখুৱায় তেন্তে আমি উপযুক্ত প্ৰত্যুত্তৰ দিম । আমি নিজৰ চৰ্তত এই উত্তৰ দিম । এই সিদ্ধান্তৰ আঁৰৰ আত্মবিশ্বাস হৈছে আপোনালোক সকলোৰে সাহস আৰু সজাগতা । এই মনোভাৱ বজাই ৰাখি আমি অহৰহ সজাগ হৈ থাকিব লাগিব ।
তিনিওটা শক্তিৰ উৎকৃষ্ট সমন্বয়-
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ এই নতুন ৰূপ আৰু ব্যৱস্থা বুজি পাই বিশ্বও আগবাঢ়িছে । তেওঁ কয় যে অপাৰেচন সিন্দুৰৰ প্ৰতিটো মুহূৰ্তই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শক্তিৰ সাক্ষ্য দিয়ে । এই সময়ছোৱাত আমাৰ বাহিনীৰ সমন্বয় সঁচাকৈয়ে উৎকৃষ্ট আছিল । তেওঁ কয় যে সেনা, নৌসেনা আৰু বায়ুসেনাৰ মাজত সমন্বয় প্ৰচণ্ড আছিল । নৌসেনাই সাগৰৰ ওপৰত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিলে । সীমান্তত সেনাই নিজৰ স্থিতি শক্তিশালী কৰি ভাৰতীয় বায়ুসেনাই আক্ৰমণ কৰাৰ লগতে ৰক্ষা কৰে । ইয়াৰ উপৰিও বি এছ এফ আৰু অন্যান্য বাহিনীসমূহেও আচৰিত ধৰণৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক কঠোৰ সতৰ্কবাণী দি কয় যে আমাৰ ড্ৰোন, আমাৰ মিছাইল- কেৱল সেইবোৰৰ কথা ভাবিলেই পাকিস্তানৰ বহু দিনলৈ টোপনি নাহে । তেওঁ কয় যে ভাৰত বুদ্ধৰ ভূমি লগতে গুৰু গোবিন্দ সিং জীৰ ভূমি ।
ভাৰতৰ ফালে চোৱাৰ পৰিণতি বিনাশ-
তেওঁ কয় যে সন্ত্ৰাসবাদী কাপুৰুষৰ দৰে লুকাই আহিছিল, কিন্তু পাহৰি গ’ল যে যাক সিহঁতে প্ৰত্যাহ্বান জনাইছিল সেয়া আছিল ভাৰতীয় সেনাবাহিনী । আপোনালোকে সন্ত্ৰাসবাদীক সন্মুখৰ পৰা আক্ৰমণ কৰি ধ্বংস কৰিছে । আপোনালোকে সন্ত্ৰাসবাদৰ সকলো ডাঙৰ ঘাটি ধ্বংস কৰি পেলালে । ৯ টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস, ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত । সন্ত্ৰাসৰ পৃষ্ঠপোষকে এতিয়া বুজি পাইছে যে ভাৰতৰ প্ৰতি চকু তুলিলে এটাই ফলাফল হ’ব– ধ্বংস । ভাৰতত নিৰীহ লোকৰ তেজ বোৱাই দিয়াৰ এটাই ফলাফল হ’ব – বিনাশ ।