আৰম্ভ হ’ল চতুৰ্থ ছেমিকন ইণ্ডিয়া
মঙলবাৰে ছেমিকন ইণ্ডিয়া ২০২৫ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ প্ৰতিনিধি দল আৰু বহুতো ষ্টাৰ্টআপে অংশগ্ৰহণ কৰিছে । তিনিদিনীয়া এই অনুষ্ঠানত ছেমিকণ্ডাক্টৰ বা অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ পৰা আৰম্ভ কৰি এ আই গৱেষণালৈকে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব । প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰৰ পৰা মেড ইন ইণ্ডিয়া কমাৰ্চিয়েল চিপৰ উৎপাদন আৰম্ভ হ’ব আৰু তেওঁ অৰ্ধপৰিবাহীক ডিজিটেল হীৰা বুলি অভিহিত কৰে । উল্লেখ্য যে, এয়া চতুৰ্থ ছেমিকন ইণ্ডিয়া ইভেণ্ট ।
ছেমিকন ইণ্ডিয়া ২০২৫ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্ধপৰিবাহী চিপছেট ইক’-চিষ্টেমৰ অধীনত চিপছেটৰ সমগ্ৰ কাম ভাৰততে কৰা হ’ব। ইয়াৰ ভিতৰত ডিজাইনৰ পৰা আৰম্ভ কৰি প্ৰডাকচনলৈকে সকলো অন্তৰ্ভুক্ত আছে । ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ আন এটা শক্তি হৈছে যে ই অতি উন্নত প্ৰযুক্তিৰে আগবাঢ়িছে ।
নয়ডা আৰু বাংগালুৰুত নিৰ্মাণ হৈ থকা ডিজাইন চেণ্টাৰসমূহে বিশ্বৰ আটাইতকৈ উন্নত চিপছেট নিৰ্মাণৰ কাম কৰি আছে । এই চিপছেটৰ সহায়ত একবিংশ শতিকাৰ প্ৰযুক্তিয়ে নতুন শক্তি লাভ কৰিব ।
১ ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিব অৰ্ধপৰিবাহী বজাৰে-
প্ৰধানমন্ত্ৰীয়ে কয় যে, অৰ্ধপৰিবাহীৰ বিশ্বব্যাপী বজাৰখনে কেইবছৰমানৰ ভিতৰতে ১ ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিব । লগতে এই ১ ট্ৰিলিয়ন ডলাৰৰ বজাৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ গৈ আছে ।
ভাৰতত ছেমিকন ইণ্ডিয়া ২০২৫ৰ পৰিকল্পনা ২০২১ চনত আৰম্ভ কৰা হৈছিল । ইয়াৰ পিছত তেওঁ কয় যে এই প্ৰক্ৰিয়াত দেশখন আগবাঢ়িছে আৰু ইয়াৰ ওপৰত ডেৰ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে ।
অৰ্ধপৰিবাহী উদ্যোগটো গতিৰ ওপৰত নিৰ্ভৰশীল । এই দিশত চৰকাৰে ক্ষীপ্ৰতাৰে কাম কৰি আছে আৰু একেখন মঞ্চতে কেন্দ্ৰ আৰু ৰাজ্যৰ সকলো অনুমোদন লাভ কৰা হৈছে । বহু কাম কাগজৰ কামৰ পৰা মুক্ত হৈ পৰিছে ।
লগতে পঢ়ক : ভাৰতৰ প্ৰথমটো থলুৱা মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ মুকলি… অধিক শক্তিশালী হ’ব ৰকেট আৰু উপগ্ৰহৰ অভিযান