কৰ্তব্য ভৱন-৩ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ কৰ্তব্য পথত নতুনকৈ নিৰ্মিত কৰ্তব্য ভৱন উদ্বোধন কৰে । দক্ষতা, উদ্ভাৱন আৰু সহযোগিতাৰ প্ৰসাৰৰ বাবে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহক একত্ৰিত কৰি কৰ্তব্য ভৱনলৈ স্থানান্তৰ কৰা হ’ব । ইয়াত গৃহ পৰিক্ৰমা মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়, এম এছ এম ই মন্ত্ৰালয়, কৰ্মী আৰু প্ৰশিক্ষণ বিভাগ (ডি অ’ পি টি), পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়/বিভাগ আৰু প্ৰধান বৈজ্ঞানিক উপদেষ্টা (পি এছ এ)ৰ কাৰ্যালয় থাকিব ।
চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ বাবে মুঠ ১০টা এনে অট্টালিকা নিৰ্মাণ কৰা হ’ব । ইয়াৰে কৰ্তব্য ভৱন-৩ সম্পূৰ্ণ হৈছে, ইয়াক উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লগতে সন্ধিয়া ৬ বজাত কৰ্তব্য পথত এখন ৰাজহুৱা সভাত ভাষণ দিব তেওঁ । প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত ভাড়াত খৰছ কৰা ১৫০০ কোটি টকা ৰাহি হ’ব ।
কিয় বিশেষ কৰ্তব্য ভৱন-
প্ৰায় ১.৫ লাখ বৰ্গমিটাৰ এলেকাত বিস্তৃত এই অত্যাধুনিক কাৰ্যালয় কমপ্লেক্সটোত দুটা বেছমেণ্ট আৰু সাত মহলা (তল মহলা + ৬ মহলা) আছে । বৰ্তমান কেইবাটাও মূল মন্ত্ৰালয়ে ১৯৫০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত নিৰ্মিত শাস্ত্ৰী ভৱন, কৃষি ভৱন, উদ্যোগ ভৱন, আৰু নিৰ্মাণ ভৱনৰ দৰে পুৰণি অট্টালিকাৰ পৰা কাম কৰি আছে ।
এই ভৱনটোত নিৰাপদ আৰু আই টি সক্ষম কৰ্মক্ষেত্ৰ, স্মাৰ্ট এণ্ট্ৰি চিষ্টেম, ইলেক্ট্ৰনিক নিৰীক্ষণ আৰু কমাণ্ড চেণ্টাৰ, সৌৰ পেনেল, সৌৰ পানী হিটাৰ আৰু ই-বাহন চাৰ্জিং ষ্টেচন আদি বৈশিষ্ট্য আছে । ইয়াৰ উপৰিও ই বর্জ্য পানীৰ পুনৰ ব্যৱহাৰ, কঠিন আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থাকে ধৰি পৰিৱেশ-বন্ধুত্বপূৰ্ণ নিৰ্মাণৰ প্ৰসাৰ ঘটায় । অট্টালিকাটো শীতল কৰি ৰাখিবলৈ আৰু বাহিৰৰ শব্দ প্ৰদূষণ হ্ৰাস কৰিবলৈ বিশেষ কাঁচৰ খিৰিকী স্থাপন কৰা হৈছে ।
৩০% কম শক্তিৰ ব্যৱহাৰ-
এই কৰ্তব্য ভৱনটো ৩০% কম শক্তি খৰচ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে । শক্তি ৰাহি কৰা এল ই ডি লাইট, প্ৰয়োজন নহ’লে লাইট বন্ধ কৰিবলৈ চেন্সৰ, শক্তি ৰাহি কৰা স্মাৰ্ট লিফ্ট আৰু শক্তিৰ ব্যৱহাৰ পৰিচালনাৰ বাবে এটা উন্নত ব্যৱস্থা স্থাপন কৰা হৈছে ।